নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলাবর্ষণ–গুলীচাল অগ্ণিগর্ভ লাহৰীজান

অসম–নাগা সীমান্তত পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে কার্বি পৰিষদৰ উচ্ছেদ অভিযান

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ অসম–নাগালেণ্ড সীমান্তৱর্তী কার্বি আংলং জিলাৰ খটখটি থানাৰ অন্তর্গত বৰজান মৌজাৰ ৩নং ব্লকৰ বিস্তীর্ণ এলেকাত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদৰ অংশ হিচাপে সীমান্তৱর্তী এলেকাটোত আজি অনুৰূপ অভিযান চলোৱাৰ সময়ত অগ্ণিগর্ভ পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ্য যে অসম–নাগালেণ্ড সীমান্তৱর্তী লাহৰীজানৰ দুদু খান কলনী হিচাপে খ্যাত এলেকাটোত যোৱা ২০ আৰু ২৪ ডিচেম্বৰত দুটা পর্যায়ত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্রশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলোৱা হৈছিল৷ অৱশিষ্ট বেদখলকাৰীসকলক উচ্ছেদৰ লক্ষ্যৰে আজি পুৱাই পুনৰ জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথ আৰু আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ উপস্থিতিত এটা বৃহৎ নিৰাপত্তা বাহিনীৰ দলে অভিযান আৰম্ভ কৰে৷ ১০খন এক্সকেভেটৰ আৰু ১খন বুলড’জাৰে চলোৱা আজিৰ উচ্ছেদ অভিযানত শতাধিক আৱাস উচ্ছেদ কৰে৷ অভিযানত সাধাৰণ পঁজাঁৰ পৰা বৃহৎ আৰ চি চি দালানলৈকে নিমিষতে নিশ্চিহ্ণ হৈ পৰে৷

আনহাতে, দেওবাৰৰ উচ্ছেদ অভিযানৰ সময়ত উচ্ছেদিত লোকৰ আক্রমণত আৰক্ষী বিষয়া আৰু বাতৰি সংগ্রহৰ বাবে যোৱা সাংবাদিককে ধৰি কেইবাজনো ব্যক্তি আঘাতপ্রাপ্ত হোৱাৰ ফলত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়েও গুলীচালনা, কন্দুৱা গেছ, ৰবৰ বুলেট নিক্ষেপ কৰাৰ লগতে লাঠীচালনা কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হয়৷ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বত জিলা প্রশাসনে পুৱাৰে পৰা চলোৱা উচ্ছেদ অভিযানত আজি ১৩৪টা গৃহৰ চৌহদ উচ্ছেদ কৰাৰ কথা আছিল যদিও উচ্চ ন্যায়ালয়ে ৩৪টা গৃহৰ গৰাকীক স্থগিতাদেশ দিয়ে৷ আজি পুৱা প্রশাসনে এলেকাটোৰ এটা মছজিদৰ সন্মুখত নির্মাণ কৰা দোকান ঘৰ, গির্জা ভঙাৰ পাছতে উত্তেজনা সৃষ্টি হয়৷ নগা লোকসকলে গির্জা ভঙাৰ প্রতিবাদ কৰে৷ উচ্ছেদৰ বিৰোধিতাৰে বিভিন্ন শ্লোগান সম্বলিত প্লে–কার্ড প্রদর্শন কৰি উচ্ছেদিত লোকসকলে বিক্ষোভ প্রদর্শন কৰা পৰিলক্ষিত হয়৷ বোকাজানৰ মহকুমাধিপতি অনুপ কুমাৰ ব্রহ্মই প্রতিবাদীকাৰীসকলক্ এলেকাটোত ১৪৪ ধাৰা বলৱৎ হৈ থকাৰ কথা উল্লেখ কৰি তেওঁলোকক উক্ত স্থানৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনায় যদিও প্রতিবাদকাৰীসকল নিজৰ মততে অটল হৈ থাকে৷ ইয়াৰ পাছতে আৰক্ষীয়ে লাঠীচালনা কৰি প্রতিবাদকাৰীক কিছু দূৰলৈ খেদি পঠিয়ায়৷ এই প্রতিবাদৰ বাবে প্রায় এঘণ্টা উচ্ছেদ বন্ধ ৰখা হয়৷ পৰৱর্তী ঘৰ ভাঙিবলৈ আৰু অসম–নাগালেণ্ড সীমান্তৰ এখন দলং ভাঙিবলৈ লোৱাত পুনৰ উত্তেজিত হৈ পৰে লোকসকল৷

তেনে সময়তে প্রতিবাদকাৰীৰ শিলাবর্ষণত খটখটি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰা, প্রাগ নিউজৰ কেমেৰামেন শৰৎ বৰা আৰু নিউজ টাইম অসমৰ বোকাজানৰ স্থানীয় সংবাদকর্মী অংকুৰ গগৈ আহত হয়৷ বিক্ষুব্ধ লোকসকলে উচ্ছেদকাৰী আৰক্ষীৰ দলটোক কেইবাবাৰো শিলগুটি নিক্ষেপ কৰি আক্রমণ চলোৱাৰ লগতে ক্ষতি কৰে এখন এক্সকেভেটৰো৷ প্রত্যুত্তৰত আৰক্ষীয়েও শূন্যলৈ গুলীচালনা কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্রণৰ বাবে প্রতিবাদকাৰীলৈ লক্ষ্য কৰি কন্দুৱা গেছ, ৰবৰ বুলেট নিক্ষেপ কৰে৷ এনে এক উত্তেজনাপূর্ণ পৰিস্থিতিৰ মাজতে ডিমাপুৰৰ মহকুমা আৰক্ষী বিষয়া আৰু জিলা প্রশাসনৰ লোক আহি বোকাজান মহকুমাৰ মহকুমাধিপতি, কার্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বোকাজানৰ মহকুমা আৰক্ষী বিষয়াৰ সৈতে আলোচনা কৰি দলং নভঙাৰ সিদ্ধান্ত লোৱাৰ পাছতে পৰিস্থিতি শান্ত হয়৷ কিন্তু স্থানীয় ৰাইজে অভিযোগ কৰে যে উচ্চ ন্যায়ালয়ৰ নির্দেশ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে উলংঘা কৰিছে৷ একেটা চৌহদত থকা এটা ঘৰ এৰি প্রশাসনে আন ঘৰসমূহ ভাঙি দিয়াটো অন্যায় বুলি তেওঁলোকে দাবী কৰে৷

You might also like