নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ উত্তৰ–পূব ভাৰতৰ বৃহৎ ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বার্ষিক অধিৱেশনখন অহা ৪, ৫ আৰু ৬ ফেব্রুৱাৰীৰ পৰিৱর্তে ২৫, ২৬ আৰু ২৭ ফেব্রুৱাৰীত ডিব্রুগড জিলাৰ নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ’ব৷ দেওবাৰে শ্রীমন্ত শংকৰদেৱ সংঘৰ নগাঁও চহৰস্থিত মুখ্য কার্যালয়ত পুৱাৰে পৰা বিয়লি ৫ বজাপর্যন্ত অনুষ্ঠিত মূল কার্যনির্বাহক সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ক’ভিড প্রট’কল অনুসৰি সীমিত পৰিসৰ আৰু মিতব্যয়িতাৰে এইবাৰৰ অধিৱেশন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত কার্যনির্বাহক সভাত গ্রহণ কৰা হয়৷ উল্লেখ্য যে অধিৱেশনত গ্রন্থমেলা আৰু প্রদর্শনী থাকিব যদিও বহিঃ বাণিজ্যৰ কোনো ব্যৱস্থা নাথাকিব ৷
শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমক এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে৷ প্রধান সম্পাদকজনে লগতে কয় যে ১৫ দিন পৰিস্থিতি পর্যবেক্ষণ কৰা হ’ব৷ যদি ক’ভিডজনিত পৰিস্থিতি উন্নত হয় তেন্তে অধিৱেশনৰ কার্যসূচী সলনি হ’ব আৰু যদি পৰিস্থিতি প্রতিকূল হৈ থাকে তেন্তে জিলাসমূহলৈ নির্দেশনা পত্র প্রেৰণ কৰা হ’ব৷ দেওবাৰে কার্যনির্বাহক সভাত বিগত বর্ষৰ ৮, ৯ অক্টোবৰত হোজাইত অনুষ্ঠিত শ্রীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্রীয় সেৱাবাহিনীৰ ৰূপালী জয়ন্তী উৎসৱৰ হিচাপ পৰীক্ষকৰ প্রতিবেদন উত্থাপন হয়৷ সভাই বিতং আলোচনাৰ অন্তত উক্ত হিচাপ গ্রহণ কৰে৷ ৰূপালী জয়ন্তী উৎসৱৰ সফল পৰিসমাপ্তিৰ বাবে হোজাই জিলা শাখা আৰু জিলাবাসী ৰাইজলৈ শ্রীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা প্রধান সম্পাদক বাবুল বৰাই পুনৰ শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ একেদৰে যোৱা ২ অক্টোবৰত নগাঁও জিলাৰ আতিথ্যত অনুষ্ঠিত কেন্দ্রীয় শান্তি দিৱসৰ হিচাপো আজি মূল কার্যনির্বাহকত গৃহীত হয়৷