সমলিংগৰ পেংগুইন দম্পত্তিৰ পিতৃত্ব অৰ্জন
বিশেষ বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ নিউয়র্কৰ এখন চিৰিয়াখানাত সমলিংগৰ পেংগুইন দম্পত্তিৰ তত্ত্বাৱধানত কণী ফুটি জন্ম লৈছে এটি পোৱালী পেংগুইন। এলমাৰ আৰু লিমা, সমলিংগৰ এই পুৰুষ পেংগুইন দম্পত্তিৰ উমাল উমত মৰমলগা পেংগুইন পোৱালীটো জাগিছে। ১ জানুৱাৰীত পকিতা আৰু ভেন্তেৰ কণীটো সমলিংগৰ দম্পত্তিয়ে তুলি লৈছিল বুলি চিৰিয়াখানা কতৃপক্ষই জনাইছে। এই চিৰিয়াখানাত সমলিংগৰ পেংগুইন দম্পত্তিৰ তত্ত্বাৱধানত কণী ফুটি জন্ম লোৱা প্রথম শিশু। জন্মৰ পাঁচ দিনৰ দিনা শিশুটিৰ ওজন আছিল ২২৬ গ্রাম। এই একবিংশ শতিকাতো মানৱ সমাজত সমলিংগ দম্পত্তিয়ে অধিকাৰ পাবলৈ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়, তাৰ বিপৰীতে পেংগুইনৰ সমাজত সমলিংগৰ সম্পর্ক খুবেই স্বাভাৱিক ঘটনা।