নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোমাঞ্চকৰ জয়েৰে ফাইনেলত ইংলেণ্ড

নিয়মীয়া বাৰ্তা, ২ ফেব্রুৱাৰীঃ ৰোমাঞ্চকৰ জয়েৰে ইংলেণ্ডে ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে।

আজি নিশা এণ্টিগুৱাত অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত ইংলেণ্ডে ডাকৱর্থ লিৱিছ পদ্ধতিত আফগানিস্তানক ১৫ ৰানত পৰাস্ত কৰে৷ প্রথমে বেটিং কৰি জর্জ বেলৰ অপৰাজিত ৫৬, এলেক্স হর্টনৰ অপৰাজিত ৫৩ আৰু অ’পেনাৰ জর্জ থমাছৰ ৫০ ৰানৰ সহায়ত ইংলেণ্ডে ৪৭ অভাৰত ৬টা উইকেট হেৰুৱাই ২৩১ ৰান কৰে৷

প্রত্যুত্তৰত আল্লাহ নুৰৰ ৬০, মহম্মদ ইছাকৰ ৪৩, আব্দুল হাদিৰ অপৰাজিত ৩৭ আৰু বিলাল আহমেদৰ ৩৩ ৰানৰ সহায়ত আফগানিস্তানে ৯টা উইকেট হেৰুৱাই ২১৫ ৰানহে সংগ্রহ কৰে। ইংলেণ্ডৰ ৰেহান আহমেদে চাৰিটা উইকেট দখল কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে৷

উল্লেখ্য যে ইংলেণ্ডে ১৯৯৮ চনত অন্তিমবাৰৰ বাবে আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটৰ ফাইনেলত প্রৱেশ কৰিছিল৷ মন কৰিবলগীয়া যে ২৪ বছৰৰ মূৰত ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটৰ ফাইনেলত প্রৱেশ কৰিলে ইংলেণ্ডে৷ ইংলেণ্ডে ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমিফাইনেলৰ বিজয়ী দলৰে ফাইনেল মেচ খেলিব।

You might also like