নগাঁৱত চৰকাৰী ৰাসায়নিক সাৰ সৰবৰাহকাৰীক আটক
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : আজি নগাঁৱৰ মাজমজিয়াৰ লাওখোৱা ৰোডত জব্দ কৰা হয় চৰকাৰী ৰাসায়নিক সাৰ । মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ চোৰাংকৈ লৈ যোৱা অৱস্থাত নগাওঁ আৰক্ষীয়ে জব্দ কৰে সাৰখিনি ।
বুধবাৰে নিশা নগাঁও আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত এখন নৈশবাছত চৰকাৰীভাৱে আবণ্টিত ৩০ বেগ চৰকাৰী ইউৰিয়া সাৰৰ লগতে নৈশবাছখন জব্দ কৰে । বাছখনৰ নম্বৰ AS-02-CC-1705। এই সন্দৰ্ভত নগাওঁ আৰক্ষীয়ে আছিকুল ইছলাম, তাজমুল ইছলাম, আবু হানিফ নামৰ তিনিজনক আটক কৰে ।
নগাঁও হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী তৰংগ পাটোৱাৰীৰ সহযোগত চলিছিল এই অভিযান । ইফালে নগাঁও জিলাৰ মাজেৰে চৰকাৰীভাৱে আবণ্টিত ৰাসায়নিক সাৰ সৰবৰাহ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ।এইক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব ।
প্ৰেৰক কনক হাজৰিকা