ৰঙিয়া ৰেল জংচনত ভয়ংকৰ অঘটন
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ট্ৰেইন । ৰঙিয়াত সংঘটিত হয় এই ঘটনা। লাইনচ্যুত হয় আলিপুৰদুৱাৰৰ পৰা ৰঙাপাৰা অভিমুখী এখন ট্ৰেইন । ট্ৰেইনখন ৰঙিয়া জংচন পাওঁতেই মাজৰ দবা এটাৰ কেবিনৰ ওচৰত দুটা চকা লাইনচ্যুত হয়। তেনেদৰেই লাইনচ্যুত ট্ৰেইনখন প্লেটফৰ্মত প্ৰৱেশ কৰোঁতে ৰেলৱে ট্ৰেকৰ লগতে প্লেটফৰ্মৰো কিছু ক্ষতি হয় ।
সৌভাগ্যক্ৰমে শীত-তাপ নিয়ন্ত্ৰিত ট্ৰেইনখন যাত্ৰীশূন্য আছিল । ঘটনা সংঘটিত হোৱাৰ লগে লগে অভিযন্তাসহ ৰেল বিভাগৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলী পৰিদৰ্শন কৰে । লগতে লাইনচ্যুত হোৱাৰ কাৰণ বিচাৰি অভিযন্তাসকলে ৰেলৱে ট্ৰেকত অনুসন্ধান আৰম্ভ কৰিছে।
ক্ষতি হোৱা ট্ৰেক আৰু ট্ৰেইনখনৰ মেৰামতিত নামি পৰিছে বিশেষজ্ঞৰ দলে । বৰ্তমানলৈ ট্ৰেইনখন লাইনচ্যুত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই ।
প্ৰেৰক ফাৰুক হুছেইন