নিয়মীয়া বার্তা, ৩ ফেব্রুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে দক্ষতাৰে কাম কৰিব পাৰিব৷ বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ দিনত নিবনুৱাসকলে চৰকাৰী চাকৰি লাভ কৰিব৷ দেশৰ ৰাজনীতি থৰক–বৰক হ’লেও আমদানি–ৰপ্তানি আৰু বিভিন্ন বিভাগৰ পৰা ৰাজহ সংগ্রহৰ জৰিয়তে আর্থিক দিশ উন্নয়ন হ’ব৷ এই ভৱিষ্যদ্বাণী কালপুৰুষ পূর্ণাংগ পঞ্জিকাৰ৷ আজি কালপুৰুষ পূর্ণাংগ পঞ্জিকা উন্মোচনী অনুষ্ঠানত এইদৰে কয় প্রকাশক ৰঞ্জিত শইকীয়াই। তেওঁ লগতে কয় যে নিবনুৱাৰ সংস্থাপন, অসমৰ অর্থনীতি তথা কৃষিক্ষেত্রৰ বিকাশকে ধৰি ১০ জুলাইৰ পাছত অসমৰ ভাল দিন আহিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা বর্তমানতকৈও আহি থকা সময়ত অধিক সবল, সফল আৰু জনপ্রিয় হৈ উঠিব৷ ৰাজ্যত বিৰোধী শক্তি একেবাৰে নিষ্ক্রিয় হৈ পৰিব৷
প্রধান বিৰোধী দল কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ বর্তমানৰ স্থিতিৰ কোনো সালসলনি নহয়৷ অসমৰ ভাগ্যচক্র অনুসৰি আগন্তুক বর্ষটোত ৰাজ্য চৰকাৰে মহিলাসকলৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি প্রৱর্তন কৰিব৷ সাহিত্য, শিক্ষা, ক্রীড়াক্ষেত্রত বিশেষ সুনাম অর্জন কৰিব৷ বৰষুণ বেছি হ’ব আৰু খেতি ভাল হ’ব৷ ক’ভিডৰ প্রকোপ নকমে যদিও ঠাই অনুসৰি ক’ভিডৰ নাম সলনি হ’ব৷
আগন্তুক বর্ষত মঙল গ্রহ ৰজা স্থানত থকাত ৰোগে ভয়াৱহ ৰূপ ল’ব৷ হত্যা–লুণ্ঠন আদিৰ দৰে ঘটনা বৃদ্ধি পাব যদিও অসমত এয়া ভয়াৱহ নহয়৷ কাৰণ অসমৰ ভাগ্যচক্র বৃহস্পতি৷
ৰঞ্জিত শইকীয়াই লগতে কয় যে পৰেশ বৰুৱা চৰকাৰৰ লগত আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা প্রবল৷ ইয়াৰ উপৰি আন আন উগ্রপন্থী সংগঠনসমূহেও চৰকাৰৰ লগত আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে৷
কালপুৰুষ পূর্ণাংগ পঞ্জিকাৰ গণনা অনুসৰি দেশৰ ৰাজনীতি থৰক–বৰক হ’লেও অর্থনৈতিক উন্নয়ন হ’ব৷ দেশত যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথাও কালপুৰুষ পঞ্জিকাত উল্লেখ কৰিছে৷ সমাগত নির্বাচনত উত্তৰ প্রদেশত বিজেপিয়ে আশানুৰূপ ফলাফল প্রদর্শন কৰিবলৈ সক্ষম নহ’ব৷