নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬৫০ কোটি নিদিয়াকৈয়ে পলাল বি আৰ ছেট্টী

অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ ৪০ সহস্রাধিক কর্মচাৰীৰ জীৱনলৈ অমানিশা

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বিশ্বাস–ভংগ আৰু প্রতাৰণাৰ ফলত ইতিহাসপ্রসিদ্ধ ভাৰতৰ প্রথম চাহ কোম্পানী অসম কোম্পানী ইণ্ডিয়া লিমিটেড (এ আই চি এল)ৰ ৪০ সহস্রাধিক শ্রমিক–কর্মচাৰীৰ জীৱনলৈ নামি আহিছে কাল অমানিশা৷ এআইচিএলৰ অধীনৰ ১৪খন চাহ বাগিচাত এতিয়া শ্রমিক–কর্মচাৰীৰ হাহাকাৰ অৱস্থা৷ এআইচিএলৰ অধীনৰ বৰবৰুৱা, মাইজান, গ্রীনউড, থানাই, হেজেল বেংক, নাদুৱা, দীঘলতৰং, দীনজয়, ৰঙাগড়, কন্দুলি, চালনা, খুমটাই, কঁঠালগুৰি আৰু মহখুঁটি চাহ বাগিচাৰ ৪০ হাজাৰৰো অধিক শ্রমিকৰ জীৱনলৈ অনিশ্চয়তা নমাই অনাৰ আঁৰত আছে আন্তঃৰাষ্ট্রীয় ব্যৱসায়ী বি আৰ ছেট্টী৷ এআইচিএলৰ উক্ত ১৪খনকৈ চাহ বাগিচা ক্রয়ৰ নামত সামগ্রিকভাৱে প্রায় ১,৬৫০ কোটি টকা বিনিয়োগৰ ক্ষেত্রত চুক্তিবদ্ধ হৈয়ো বিআৰএছ ভেঞ্চার্ছ ইনভেষ্টমেণ্ট লিমিটেডৰ মূল কাণ্ডাৰি বি আৰ ছেট্টীয়ে বিগত তিনি বছৰৰো অধিক কাল ধৰি পলাতক অৱস্থাত আছে৷ উল্লেখ্য যে এআইচিএলৰ অধীনস্থ ১৪খন চাহ বাগিচাত মুঠ স্থায়ী শ্রমিক ২৮ হাজাৰ আৰু কর্মচাৰী ৮৪০জন কর্মৰত হৈ আছে৷

আনহাতে অস্থায়ী কর্মচাৰীসহ এই সংখ্যা ৪০ হাজাৰতকৈও অধিক আছে৷ এআইচিএলৰ ১৪খন চাহ বাগিচাৰ মালিকীস্বত্ব বিগত ২০১৮ চনৰ ছেপ্ঢেম্বৰ মাহতে গ্রহণ কৰিছিল বি আৰ এছ ভেঞ্চার্ছ ইনভেষ্টমেণ্ট লিমিটেড নামৰ কোম্পানীটোৱে৷ চাহ বাগিচাৰ উৎপাদন বৃদ্ধিৰ সমান্তৰালকৈ চাহ শ্রমিকৰ আর্থিক আৰু সামাজিক জীৱন উন্নত কৰাৰ প্রতিশ্রুতিৰে চাহ বাগিচাসমূহ ক্রয় কৰা বি আৰ ছেট্টীয়ে ২০১৮ চনৰ ছেপ্ঢেম্বৰ মাহত ইয়াৰ সম্পূর্ণ দায়িত্ব লৈ ৰাজ্য চৰকাৰক দাখিল কৰা ৰিজলিউচন প্লেনত মাত্র ছমাহৰ ভিতৰতে ১৫০ কোটি টকা খৰচ কৰাৰ প্রতিশ্রুতি দিছিল৷ তদুপৰি তিনি বছৰৰ ভিতৰত ২০০ মিলিয়ন আমেৰিকান ডলাৰ (ভাৰতীয় টকাৰ হিচাপত ১৪,৯৭,৭১,১০,০০০ টকা) ব্যয় কৰি অসম কোম্পানীৰ বাগিচাসমূহ অর্থনৈতিক আৰু পর্যটনৰ ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রতিশ্রুতি দিয়াৰ লগতে বকেয়া হৈ থকা শ্রমিকৰ ভৱিষ্যনিধিৰ ধন, গ্রেছুইটীৰ ধন, শ্রমিকৰ পেন্সনৰ ধন মোকলাই দিয়াৰো প্রতিশ্রুতি দিছিল উক্ত ৰিজলিউচন প্লেনত৷ সেয়াই নহয়, জৰাজীর্ণ হৈ থকা শ্রমিকৰ গৃহসমূহ নতুনকৈ নির্মাণ কৰা, স্বাস্থ্য ক্ষেত্র উন্নয়নৰ বাবে এখন বৃহৎ আকাৰৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল নির্মাণ কৰাৰো প্রতিশ্রুতি আছিল বি আৰ ছেট্টীয়ে দাখিল কৰা প্লেনত৷ বি আৰ ছেট্টীয়ে দেখুওৱা এই প্রতিশ্রুতিক লৈ এক জৰাজীর্ণ জীৱন অতিবাহিত কৰা চাহ শ্রমিকে সম্ভাব্য আর্থিক উন্নয়নৰ ছবি দেখি ৰচিছিল অলেখ সপোন৷ কিন্তু এদিন–দুদিনকৈ এনে প্রতিশ্রুতি তিনি বছৰৰো অধিক কাল উকলি যোৱাৰ পাছতো এটা ফুটাকড়িও ওলাই নপৰিল আন্তঃৰাষ্ট্রীয় ব্যৱসায়ী বি আৰ ছেট্টীৰ কোম্পানীৰ পৰা৷

ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে প্রায় ৪০ সহস্রাধিক শ্রমিকক আভুৱা ভাঁৰি তথা ভুৱা প্রতিশ্রুতিৰে ১৪খন চাহ বাগিচা আৰু শ্রমিকক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দি পলায়ন কৰিছে এইজন আন্তঃৰাষ্ট্রীয় ব্যৱসায়ীয়ে৷ প্রাপ্ত তথ্য অনুসৰি বি আৰ ছেট্টী মালিকানাধীন আবুধাবিস্থিত এন এম চি কোম্পানীটোৱে ৬৫ হাজাৰ কোটি অনিয়মেৰে খৰচ কৰাৰ বাবে এক গোচৰ বিচাৰাধীন হৈ আছে আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ন্যায়ালয়ত চকুত ধূলি মাৰি পলাতক হৈ আছে বি আৰ ছেট্টী৷ কার্যতঃ অসমতো ১৪খন চাহ বাগিচাৰ শ্রমিকৰ উন্নয়নৰ বাবে ব্যয় কৰিব খোজা প্রায় ১,৬৫০ কোটি টকাৰ ক্ষেত্রতো একেই ধৰণে এইজন ব্যৱসায়ীয়ে প্রতাৰণা কৰাটো এতিয়া স্পষ্ট হৈ পৰিছে৷ সেয়াই নহয়, অসম কোম্পানীৰ অধীনত ১৪খন বাগিচাৰ শ্রমিকৰ ভৱিষ্যনিধিৰ ধন ১৭,৯২৯,৪৩৯.৫৪ টকা জমা নকৰি কোম্পানীটোৰ মুখ্য কার্যবাহী বিষয়া প্রীতম মেলেন্তাই বিশেষ কমিটী গঠন কৰি কোম্পানীটোৰ এটা এটা খণ্ডৰ বাগিচাৰ মাটি গোপনে বিক্রী কৰিছে৷ আনকি বাঘজান অঞ্চলৰ অধীনৰ দীঘলতৰং বাগিচাৰ বাঘজান অগ্ণিকাণ্ডত ক্ষতিগ্রস্ত শ্রমিক পৰিয়ালৰ আলম লৈ অইল ইণ্ডিয়াৰ পৰা মোটা অংকৰ ধন হৰলুকী কৰাৰ বাবে ষড়যন্ত্র কৰিছে৷ আন্তঃৰাষ্ট্রীয় কোম্পানীটোৰ এনে প্রতাৰণা স্পষ্ট হৈ পৰাৰ পাছত সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্র সন্থা (আটছা)৷ সংগঠনটোৰ ডিব্রুগড় জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এখন স্মাৰক–পত্র প্রেৰণ কৰি এ আই চি এলৰ শ্রমিকৰ জীৱন আৰু জীৱিকা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷ আটছাৰ ডিব্রুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ আৰু সম্পাদক লখিন্দৰ কুর্মীয়ে স্বাক্ষৰ কৰা স্মাৰক–পত্রখনত শ্রমিকৰ স্বার্থত আটছাই উল্লেখ কৰা দাবীসমূহৰ প্রতি সঁহাৰি নজনালে শীঘ্রেই তীব্র আন্দোলন গঢ়ি তুলিব বুলিও অসম চৰকাৰক সকীয়াই দিছে৷

You might also like