নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত মণিৰাম দেৱানৰ সমাধিক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ অৱশেষত ৰাজ্যবাসীৰ লগতে যোৰহাটবাসীৰ দীর্ঘদিনীয়া সপোন দিঠক হোৱাৰ দিশত গতি কৰিছে৷ শুকুৰবাৰে এক বিশেষ ভ্রমণসূচী লৈ যোৰহাটত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঐতিহাসিক চিনামৰা বাগিচাত থকা শ্বহীদ মণিৰাম দেৱানৰ সমাধিক্ষেত্র পৰিদর্শন কৰি শ্বহীদগৰাকীৰ সমাধিক্ষেত্র আটকধুনীয়াকৈ সজাই–পৰাই পর্যটকৰ আকর্ষণৰ কেন্দ্র হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰাৰ পাছতে ৰাইজে দেখি অহা দীর্ঘদিনীয়া সপোন দিঠকৰ দিশে গতি কৰা বুলি ক’ব পাৰি৷ উল্লেখনীয় যে স্বাধীনতা আন্দোলনৰ এগৰাকী অনন্য সেনানী মণিৰাম দেৱানক ফাঁচিকাঠত ওলমোৱাৰ পাছত তেওঁৰ শৱ ঐতিহাসিক চিনামৰা বাগিচাৰ কলঘৰৰ কাষতে থকা সমাধিস্থলত সমাধিস্থ কৰা হৈছিল৷ পাছত বিভিন্ন দল–সংগঠনে শ্বহীদগৰাকীৰ সমাধিৰ উন্নয়নৰ দাবী তুলি আহিছিল৷ স্বাধীনতাৰ পাছত দেশৰ কোনো এখন চৰকাৰে আজিপর্যন্ত বিশেষ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত নহ’ল৷ কিন্তু শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে দেশৰ ঐতিহ্যক ৰক্ষা কৰাৰ যি পদক্ষেপ গ্রহণ কৰিছে তাৰ অন্তর্গত মণিৰাম দেৱানৰ সমাধিৰ উন্নতিসাধনৰ যি ঘোষণা কৰিছে সেয়া উল্লেখনীয় হৈ ৰ’ব বুলি ৰাইজে মন্তব্য কৰিছে৷
যোৰহাটত হ’ব তিনিটা অভিলাষী প্রকল্প
ঐতিহ্যমণ্ডিত যোৰহাট জিলা কাৰাগাৰক স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে অমৃত উদ্যান হিচাপে গঢ়ি তোলা হ’ব৷ যোৰহাটত এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসম তথা উত্তৰ–পূবৰ স্বাধীনতা সংগ্রামীসকলৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে কেন্দ্রীয় কাৰাগাৰখনৰ বাবে ১০০ কোটি টকাৰ আঁচনি গ্রহণ কৰা হৈছে৷ এই সংকল্পৰ কাম অহা ১৪ আগষ্টৰ পৰা আৰম্ভ হ’ব৷ মুখ্যমন্ত্রীয়ে ঘোষণা কৰা মতে, যোৰহাট কেন্দ্রীয় কাৰাগাৰত থকা মুঠ ৩৫০ বিঘা ভূমিৰ ১৫০ বিঘাত উদ্যান গঢ়ি তোলা হ’ব৷ এই উদ্যানত স্বাধীনতা সেনানীসকলৰ ত্যাগ সজীৱ কৰি তোলা হ’ব৷ নর্থ–ইষ্ট কাউঞ্চিলে ৩৮ কোটি টকা আৰু ৰাজ্য চৰকাৰে ৬২ কোটি টকা এই আঁচনিৰ বাবে আগবঢ়াইছে৷ মুখ্যমন্ত্রীয়ে ইয়াকো ঘোষণা কৰে যে যোৰহাট কেন্দ্রীয় কাৰাগাৰত শ্বহীদ কুশল কোঁৱৰ আৰু মুক্তিযোদ্ধা পীতাম্বৰ দেৱগোস্বামীৰ স্মৃতি যুগমীয়া কৰি ৰখা হ’ব৷ সমান্তৰালভাৱে ইয়াত থাকিব কনভেনচন চেণ্টাৰ, মার্কেট, মুকলি প্রেক্ষাগৃহ, যোগ কেন্দ্র, ফুড প্লাজা আদি৷
ব্যস্ত কার্যসূচীৰে গোলাঘাটত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
ক’ভিডৰ পাছত এক অতি ব্যস্ততাপূর্ণ কার্যসূচী লৈ গোলাঘাটত উপস্থিত হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ নুমলীগড়ৰ ৰিভাৰ ভিউ নামৰ অতিথিশালাত নিশাটো কটাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি পুৱা ৯.৩০ বজাত গোলাঘাট জিলাৰ বিধায়কসকল, শোধনাগাৰৰ সমীপৱর্তী চাহ বাগিচাৰ প্রতিনিধি, গোলাঘাট জিলা উপায়ুক্ত আৰু নুমলীগড শোধনাগাৰ কর্তৃপক্ষক লৈ এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হ’ব৷ উক্ত আলোচনাত নুমলীগড শোধনাগাৰৰ সম্প্রসাৰণ, বায়’ ৰিফাইনেৰী, শোধনাগাৰৰ সম্প্রসাৰণৰ বাবে প্রয়োজন হোৱা ভূমি আদিক লৈ কেতবোৰ অতি গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত আলোচনা কৰি মুখ্যমন্ত্রীয়ে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে এনআৰএলৰ শোধন ক্ষমতা তিনি মিলিয়ন মেট্ৰিকটনক পৰা ন মিলিয়ন মেট্ৰিকটনৰ বৃদ্ধি কৰিবলৈ কেন্দ্রীয় চৰকাৰে সিদ্ধান্ত গ্রহণ কৰি ইতিমধ্যে বাজেটত প্রয়োজনীয় পুঁজিৰ অনুমোদনো কৰিছে৷ কিন্তু সেইক্ষেত্রত প্রধান অন্তৰায় হৈ পৰিছে শোধনাগাৰটোৰ সম্প্রসাৰণৰ বাবে প্রয়োজন হোৱা ভূমি৷ মুখ্যমন্ত্রীৰ উপস্থিতি আৰু সংশ্লিষ্ট বিষয়ত হস্তক্ষেপে সেই বাধা নোহোৱা কৰি এনআৰএলৰ ইতিহাসত এক নৱযুগৰ সূচনাৰ বাট মুকলি হ’ব বুলি আশা প্রকাশ কৰিছে উন্নয়নকামী ৰাইজে৷ পুৱা সেই আলোচনাৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আৰম্ভ হ’ব অতি ব্যস্ত কার্যসূচী৷ তাৰ ভিতৰত গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ নৱনির্মিত উৰণ সেতু মুকলি কৰাৰ লগতে অসম ক্রিকেট সন্থাৰ দ্বাৰা নির্মিত এটি পেভিলিয়নো শুভ উদ্বোধন কৰিব৷ তাৰ পাছতে ফৰকাটিঙত এখন ৰাজহুৱা সভাতো মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰিব৷ ফৰকাটিঙৰ অনুষ্ঠান সামৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গোলাঘাট নগৰস্থিত ঐতিহ্যমণ্ডিত এমেছাৰ থিয়েটাৰ ছ’চাইটীত গোলাঘাটৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত বিনিময় কৰিব৷ তাৰ পাছতে দিনটোৰ অন্তিম কার্যসূচী হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গোলাঘাটৰ জেনেৰেল ফিল্ডতো ৰাজহুৱা সভা এখনত অংশগ্রহণ কৰিব৷ তাৰে পৰাই মুখ্যমন্ত্রীয়ে গোলাঘাটৰ উপায়ুক্ত কার্যালয়ৰ নতুনকৈ নির্মাণ হ’বলগা ভৱনটোৰ বাটন টিপি আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে৷
সংৰক্ষণ হ’ব মণিৰাম দেৱানৰ সমাধিক্ষেত্র
দেশৰ স্বাধীনতা সংগ্রামত প্রাণ আহুতি দিয়া মণিৰাম দেৱানৰ সমাধিক্ষেত্র গঢ়ি তোলা হ’ব৷ মুখ্যমন্ত্রীয়ে আজি এই কথা ঘোষণা কৰি কয়– মণিৰাম দেৱান স্মৃতি সমাধি আৰু প্রতিমূর্তি স্থাপনৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ ইফালে, বীৰ লাচিতৰ ৪০০সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰে আন এক অভিলাষী পদক্ষেপৰ কথাও উল্লেখ কৰে৷ এই আঁচনিৰ বাবে ধার্য কৰা হৈছে এক কোটি টকা৷ তদুপৰি লাচিত ময়দামৰ বাবে পুনৰ ৫০ বিঘা মাটি অধিগ্রহণ কৰিব পাৰি নেকি, সেই দিশতো বিবেচনা কৰিব বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ যোৰহাট ষ্টেডিয়ামক অত্যাধুনিক ৰূপত গঢ়ি তোলা হ’ব বুলি আজি জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ ষ্টেডিয়ামখন পৰিদর্শন কৰি তেওঁ কয় যে এই খেলপথাৰখন আন্তঃৰাষ্ট্রীয় মানৰ ষ্টেডিয়াম হিচাপে গঢ়ি তোলাৰ বাবে ইয়াৰ প্রাক্কলন প্রস্তুত কৰা হৈছে৷

You might also like