নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাত্রী পৰিবহণত ৭০ শতাংশ ভাৰা বৃদ্ধিৰ প্রস্তাৱ মটৰ পৰিবহণ সংস্থাৰ

ডিজিটেল ডেস্ক, ৪ জুন : পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ প্রভাৱত দেশজুৰি পেট্র’ল–ডিজেলৰ লগতে অন্যান্য ইন্ধনজাত সামগ্রীৰ মূল্যও দ্রুতগতিত বৃদ্ধি হয়৷ অসমতো অসম বিধানসভা নির্বাচনৰ পিছতে পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি কৰাত সর্বস্তৰত ইয়াৰ প্রভাৱ পৰে৷ বিশেষকৈ পৰিবহণ খণ্ডত পেট্র’ল–ডিজেলৰ দাম বৃদ্ধিৰ প্রভাৱে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে৷ আনুষ্ঠানিকভাৱে অসমৰ কোনো পৰিবহণ খণ্ডৰ লগত জড়িত সংগঠন–সংস্থাই পেট্র’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে তাৎক্ষণিকভাৱে পৰিবহণৰ ভাৰা বৃদ্ধি কৰা নাছিল যদিও অতি শেহতীয়াকৈ দূৰণিবটীয়া ছুপাৰ বাছসেৱাসমূহত ২০ শতাংশৰো অধিক ভাৰা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷

পেট্র’ল–ডিজেলৰ দামবৃদ্ধিৰ মাধমাৰ বহন কৰিব নোৱাৰি সদৌ অসম মটৰ পৰিবহণ সন্থায়ো তেওঁলোকৰ ভাৰাৰ পৰিমাণ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে আৰু ক্রমবর্ধমান ইন্ধনৰ দাম বৃদ্ধি আৰু ইয়াৰ পার্শ্বক্রিয়াসৃষ্ট সর্বস্তৰৰ দ্রব্য মূল্য সূচাংক বৃদ্ধিৰ পৰা পৰিত্রাণ বিচাৰি মটৰ পৰিবহণ সন্থাই অসমৰ চৰকাৰৰ পৰিবহণ আয়ুক্তলৈ এখন স্মাৰক–পত্র প্রদান কৰিছে৷ স্মাৰক–পত্রত সংগঠনটোৰ সভাপতি প্রদীপ দাস আৰু নয়নজ্যোতি কলিতাই ২০১৯ চনৰ ভাৰাৰ ওপৰত অতিকমেও ৭০ শতাংশ বৃদ্ধিৰ এক প্রস্তাৱ আগবঢ়ায়৷

স্মাৰক–পত্রত সংগঠনটোৱে উল্লেখ কৰে যে ২০১৯ চনৰ নৱেম্বৰ মাহত এক জাননীযোগে পৰিবহণ বিভাগে পূর্বনির্ধাৰিত ভাৰাৰ ওপৰত ২৫ শতাংশ বৃদ্ধিৰে ব্যৱসায়িক যান–বাহনৰ ভাৰা বৃদ্ধি কৰিছিল৷ সেই সময়ত প্রতিলিটাৰ ডিজেলত ৬৬ টকা আছিল৷ কিন্তু ২০১৯ চনৰ পিছত ঘটা দ্রব্যমূলৰ সূচাংক বৃদ্ধিৰ লগে লগে ব্যৱসায়িক বাহনসমূহৰ গৰাকী তথা মটৰ পৰিবহণ সন্থাই তালমিল কৰি ব্যৱসায় চলাই আছিল যদিও অতি সম্প্রতি ক্রমাগতভাৱে হোৱা ইন্ধনৰ দামবৃদ্ধিৰ লগতে পৰিবহণ ব্যৱসায়ৰ লগত জড়িত সকলো সামগ্রীৰ দাম বৃদ্ধি হোৱাত ব্যৱসায় চলাই নিয়াত অসুবিধা হোৱাৰ লগতে জীৱন আৰু জীৱন নির্বাহৰ প্রয়োজনীয় সামগ্রীও ক্রয় ক্ষমতাৰ বাহিৰত ৰৈ যায়৷ এনে পৰিস্থিতিত সদৌ অসম মটৰ পৰিবহণ সন্থাই ২০১৯ চনৰ ভাৰাৰ ওপৰত অতিকমেও ৭০ শতাংশ ভাৰা বৃদ্ধিৰ বাবে ফলপ্রসূ কার্যব্যৱস্থা গ্রহণ কৰিবলৈ স্মাৰক–পত্রযোগে পৰিবহণ আয়ুক্তক আহ্বান জনায়৷

এনে অৱস্থাত যদিহে পৰিবহণ আয়ুক্তই সদৌ অসম মটৰ পৰিবহণ সন্থাৰ দাবী মানি লৈ ২০১৯ চনৰ ভাৰাৰ ওপৰত ৭০ শতাংশ ভাৰা বৃদ্ধি কৰে, তেন্তে পৰিবহণ খণ্ডৰ বাছ ভাৰাকে ধৰি সকলো দিশতে অধিক ভাৰা জনসাধাৰণে ভৰিব লগাটো নিশ্চিত হৈ পৰিছে৷

You might also like