নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি কথাক লৈ আশাক বেয়া পাইছিল বায়েক লতা মংগেশকাৰে

বিশেষ বাৰ্তা, ৭ফেব্ৰুৱাৰীঃ লতা মংগেশকাৰ আৰু আশা ভোঁছলে, এই দুটি নাম উচ্চাৰণৰ সমান্তৰালকৈ প্ৰশ্ন উঠে উভয়ৰে প্রতিদ্বন্দ্বিতাৰ প্রসংগ। লতা মংগেশকাৰে এবাৰ নিজেই মুম্বাইৰ সংবাদ মাধ্যমক জনাইছিল যে, আশা ভোঁছলেৰ প্রথম স্বামী গণপতৰাও ভোঁছলেৰ বাবেই আশাৰ সৈতে তেওঁৰ প্রথম ভুল বুজাবুজি হৈছিল। শুনা যায়, লতাৰ বাবেই আশাই তেতিয়া কাম পোৱা নাছিল বুলি ভাৱিছিল গণপতৰাৱে। চল্লিশৰ দশকৰ শেষৰ পিনে দুই ভনীয়ে একেলগে সংগীতৰ জগতলৈ আহিছিল। কিন্তু পঞ্চাশ আৰু ষাঠীৰ দশকত তুলনাত লতা অধিক জনপ্রিয় হৈ উঠিছিল। আন পিনে, আশা তেতিয়াও প্ৰতিষ্ঠাৰ বাবে কষ্ট কৰিয়ে আছিল। মুম্বাইৰ সংবাদ মাধ্যমক লতাই জনায় যে, গণপতৰাৱে আশাক তেওঁলোকৰ ঘৰলৈ যোৱাত বাদা দিবলৈ লৈছিল। লতাৰ সৈতে যোগাযোগো বন্ধ কৰি দিছিল।

লতা মংগেশকাৰৰ সৈতে প্রতিদ্বন্দ্বিতা সন্দৰ্ভত এবাৰ এক সাক্ষাৎকাৰত মুখ খুলিছিলন খোদ আশাই। আশাই কৈছিল “তেওঁ মোৰ বাইদেউ তথা মোৰ প্রিয় শিল্পী। মানুহে গল্প কৰি ভাল পায়, সমস্যাৰ সৃষ্টি কৰে। মোৰ মনত আছে, মাজে মাজে আমি দুয়ো যেতিয়া একে অনুষ্ঠানতে গান গাবলৈ গৈছিলোঁ, তেতিয়া ইণ্ডাষ্ট্ৰীৰ কিছু লোকে মোক উপেক্ষা কৰি বাইদেউৰ সৈতেই কেৱল কথা পাতে, যেন তেওঁলোক বাইদেউৰ প্রতিয়েই আনুগত্য। পাছত এই বিষয়টা লৈয়ে আমি দুয়ো কত হাঁহো।” এক সাক্ষাৎকাৰত লতায়ো কৈছিল যে তেওঁলোকৰ মাজত কেতিয়াও কোনো পেছাদাৰী প্রতিদ্বন্দ্বিতা নাছিল।

গানৰ জগতত নাথাকিলেও ব্যক্তিগত জীৱনত দূৰত্ব আছিল নেকি? এই সন্দৰ্ভত লতা মংগেশকাৰে কৈছিল যে অতীতত আমাৰ দুই ভনীৰ মাজত ব্যক্তিগত কিছু দূৰত্বৰ সৃষ্টি হৈছিল। সেয়া প্রায় ভাই-ভনীৰ সম্পর্কতেই হয়। তাই অল্প বয়সতে কিছুমান এনে কাম কৰিছিল, যিবোৰক মই সমর্থন কৰা নাছিলোঁ। শুনা যায়, মাত্র ১৬ বছৰ বয়সতে ৩১ বছৰীয়া গণপতৰাও ভোঁছলেক বিয়া কৰিছিল আশাই। লতা আৰু তেওঁলোকৰ পৰিয়ালৰ ইয়াত সমর্থন নাছিল।

You might also like