সাতবিহুৰ ভিতৰত বিহু পালন কৰা ১০ বছৰ পুৰণি কমিটীলৈ ৰাজ্য চৰকাৰৰ বিশেষ অনুদান
নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ অসমত চান্দা সংস্কৃতি বন্ধৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি এইবাৰ ৰঙালী বিহুৰ সময়ত বিহু কমিটীসমূহক চৰকাৰৰ তৰফৰ পৰা ডেৰ লাখ টকাকৈ আর্থিক অনুদান আগবঢ়াব৷ আজি জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ১ ব’হাগৰ পৰা ৭ ব’হাগৰ ভিতৰত বিহু অনুষ্ঠিত কৰা বিহু কমিটী, যিয়ে কমেও যোৱা ১০ বছৰে সেই সময়ছোৱাত বিহু অনুষ্ঠিত কৰি আহিছে, সেই বিহু কমিটীৰ প্রত্যেককে ডেৰ লাখ টকাকৈ আর্থিক অনুদান আগবঢ়াব৷
অৱশ্যে ৭ ব’হাগৰ পাছত ব’হাগী বিদায়কে ধৰি অন্যান্য সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত কৰা কমিটীসমূহক তেনেধৰণৰ কোনো আর্থিক সাহায্য আগবঢ়োৱা নহয়৷ ইতিমধ্যে চৰকাৰে জিলা উপায়ুক্তসকলৰ পৰা সেই তালিকা সংগ্রহ কৰিছে৷ মূলতঃ বিহুৰ নামত ব্যৱসায়ীসকলৰ ওপৰত যাতে কোনোধৰণৰ চান্দাৰ ভৰ আহি নপৰে, তাৰ বাবে চৰকাৰে এই পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিডৰ বাবে ব্যৱসায়ীসকল যোৱা দুটা বছৰ যথেষ্ট কষ্টত ভুগিছে৷ এতিয়া অর্থনৈতিকভাৱে ব্যৱসায়ীসকলক শক্তিশালী কৰিব লাগিব৷
মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ক’ভিডৰ বাবে শিল্পীসকলৰো যোৱা দুটা বছৰত যথেষ্ট কষ্ট হৈছে৷ সেয়ে এইবাৰ বিহুত চৰকাৰৰ কোনো বাধা–নিষেধ নাথাকে৷ আইন–শৃংখলাজনিত পৰিস্থিতিলৈ চাই বিহুৰ কার্যসূচী নিশা কিমান বজালৈ চলিব সেয়া জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে বিহু কমিটীৰ লগত আলোচনা কৰি নির্ধাৰণ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷