নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুন বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ মাৰ্ঘেৰিটা জাগুনত বনহ্যস্তীয়ে লণ্ডভণ্ড কৰিলে ৫টাকৈ বাসগৃহ। ফলত কথমপি প্ৰাণৰক্ষা পৰে গৃহস্থৰ। খাদ্যৰ সন্ধানত জাগুনৰ কথা সংৰক্ষিত বনাঞ্চলৰ পৰা অহা বনহ্যস্তীয়ে প্ৰতিনিশাই সন্ত্ৰাস চলাই অহাত গাঁওবাসীয়ে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ। বন বিভাগক বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই লেখাপানী-জাগুন বন বিভাগ।

নিশা জাগুন বনগাঁৱত পুনৰ চলালে বনৰীয়া হাতীয়ে উপদ্ৰৱ। গাঁওখনৰ নিৱাসী ক্ৰমে জ্যোতি হাজৰিকা, ৰাজু দেৱনাথ, ছায়া দাস, বিৰেন্দৰ মাহাতো নামৰ লোককেইজনৰ বাসগৃহ সম্পূৰ্ণ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰি খাদ্য সমগ্ৰী সম্পূৰ্ণৰূপে নষ্ট কৰে। এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ। উল্লেখযোগ্য যে জাগুনৰ গাতে লাগি থকা কথা সংৰক্ষিত বনাঞ্চলত চলি থকা বনাঞ্চল ধ্বংস যজ্ঞৰ বাবে বন্যহস্তীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে বুলি একাংশ ৰাইজে মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে লেখাপানী আৰু জাগুন বনাঞ্চালিক বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহত অবাধ গতিত বনধ্বংস চলি আহিছে যদিও এইক্ষেত্ৰত চকুমুদা কুলিৰ ভাও জুৰাৰ লগতে একাংশ কাঠ মাফিয়াৰ পকেটৰ অংশস্বৰূপ হৈ পৰিছে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত একাংশ বন বিষয়া কৰ্মচাৰী ফলত সৃষ্টি হৈছে হাতী-মানুহৰ সংঘাত। অন্যহাতে ক্ষতগৃহ লোকসকলে বন বিভাগৰ পৰা ক্ষতিপূৰণৰ দীৰ্ঘদিনে লাভ নকৰাৰো অভিযোগ উঠিছে।

আজি লণ্ডভণ্ড কৰা বাসগৃহৰ গৃহস্থৰ লগতে পূৰ্বে নষ্ট কৰা বাসগৃহসমূহৰ গৃহস্থক তৎকালীনভাৱে ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ভূক্তভোগী পৰিয়ালসমূহৰ লগতে স্থানীয় ৰাইজে। লগতে দুৰ্নীতিগ্ৰস্ত বন বিভাগৰ লোক আৰু চোৰাং কাৰবাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। এইক্ষেত্ৰত বনমন্ত্ৰী তথা চৰকাৰ প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া অতি লক্ষণীয় হ’ব।
প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like