মানুহৰ মাংস খোৱা নিচামুক্তি কেন্দ্ৰটো
আফগানিস্তানৰ নিচা মুক্তি কেন্দ্রত মানুহৰ মাংস খাইছে ৰোগীয়ে। ডেনমার্কৰ এজন সংবাদিকে সেই দাবীয়ে কৰিছে। ডেইলী মেইলৰ এক প্রতিবেদন অনুযায়ী, যোৱা মাহত ডেনমার্কৰ সেই সাংবাদিকে নিচা মুক্তি কেন্দ্রৰ পৰা মুক্তি পোৱা এজন ব্যক্তিৰ সৈতে কথা পাঁতোতে সেই ব্যক্তিজনে দাবী কৰিছে যে তালিবান পৰিচালিত উক্ত নিচা মুক্তি কেন্দ্রৰ ভিতৰৰ পৰিৱেশ বিভৎস। ঠিক মতে খাবলৈ দিয়া নহয় ৰোগীক। বেছিভাগ দিনেই তেওঁলোকে ভোকাতুৰ হৈ থাকিব লাগে। ৰোগীৰ স্বাস্থ্যৰ কোনো খেয়াল ৰখা নহয়। খাদ্য, সু-চিকিৎসা নাপাই অনেকৰ মৃত্যু হৈছে। আব্দুল নামৰ সেই ৰোগীজনৰ দাবী যে, নিচা মুক্তি কেন্দ্রৰ পৰিস্থিতি দিনে দিনে আৰু বেয়া হৈছে। খাবলৈ নাপাই হিংস্র হৈ উঠিছে ৰোগীসকল।
আব্দুলৰ দাবী, অলপতে এজন মানুহক হত্যা কৰি মাংস খাইছে কেবাজনে। আনকি সেই কেন্দ্রৰ ভিতৰত থকা এখন পার্কত এটি মেকুৰী ধৰি তাৰ কেঁচা মঙহ পর্যন্ত খাইছে ৰোগীসকলে। কাবুলত ইউনাইটেড নেছন অৱ ড্রাগছ এণ্ড ক্রাইম (ইউএনঅ’ডিচি)ৰ প্রধান ছিজাৰ গুডচে জনাইছে, আফিঙৰ উৎপাদন আৰু বঢ়াইছে তালিবানে। ফলত বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ দাম আৰু কমিছে, সহজলভ্য হৈছে। একেদৰে অধিক সংখ্যক মানুহ নিচাসক্ত হৈছে।