নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়ালৈ ৰাষ্ট্ৰীয় উদ্ভাৱনী বঁটা

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াক ২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় উদ্ভাৱনী আৰু শ্ৰেষ্ঠ শৈক্ষিক অনুশীলন বঁটা আজি প্ৰদান কৰে। ৰাষ্ট্ৰীয় শৈক্ষিক যোজনা আৰু প্ৰশাসন সংস্থানে আজি ভাৰ্চুৱেল পদ্ধতিৰে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰে। “এবাৰ ব্যৱহৃত প্লাষ্টিক বৰ্জন কাৰ্যসূচীত শিশুদূতৰ ভূমিকা” শীৰ্ষক এটি শৈক্ষিক অনুশীলন উদ্ভাৱনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰে।

বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি ভাৰত চৰকাৰৰ ৰাজ্যিক শিক্ষামন্ত্ৰী ড. সুভাষ সৰকাৰে অসমৰ একমাত্ৰ বঁটাপ্ৰাপক অপূৰ্ব ঠাকুৰীয়াৰ নাম বিশেষভাৱে উল্লেখ কৰি শিক্ষাৰ উত্তৰণৰ বাবে তেওঁ লৈ অহা ইতিবাচক পদক্ষেপৰ শলাগ লয়্। তেওঁৰ এই শ্ৰেষ্ঠ শৈক্ষিক অনুশীলনটো ২০১৯ চনৰ ২ অক্টোবৰত সেই সময়ৰ কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই আনুষ্ঠানিকভাৱে হাজো সুৰেন দাস মহাবিদ্যালয়ত উন্মোচন কৰিছিল।

কামৰূপৰ শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই এই বঁটা লাভ কৰা বাবে কামৰূপ জিলাৰ বিদ্বৎ মহলে অভিনন্দন জনাইছে। শিক্ষাৰ উত্তৰণৰ বাবে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেচন, শৰাইঘাট জাৰ্ণেলিষ্ট ফৰাম, কামৰূপ জিলা সাংবাদিক সন্থা আৰু কামৰূপ জিলা অধিবিদ্যা পৰিষদ আৰু কামৰূপৰ অধ্যক্ষ মঞ্চই অভিনন্দন জনাইছে।
প্ৰেৰক দিলীপ মেধি

You might also like