ই-বাণিজ্যিক প্ৰতিষ্ঠান এমাজনৰ মালিক বৰ চৌখিন মানুহ। তেওঁৰ চখবোৰো বেচ অদ্ভূত। নাম জেফ বেজোছ। ২০২২ চনৰ হিচাপত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৮ হাজাৰ ৩৮০ কোটি আমেৰিকান ডলাৰ। বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিচিত জেফ। জীৱন যাপনো কৰে অত্যন্ত বিলাসবহুলভাৱে। অৱশ্যে, জেফৰ বিলাসৰ সংজ্ঞা কিছু বেলেগ। তাত বাহুল্যতকৈ বিৰলতা বেছি।
প্রাইভেট জেটপ্লেন: জেফে ঘূৰা-ফুৰা কৰে প্রাইভেট জেটত। আমেৰিকাৰ পৰা ইউৰোপলৈ যাতায়াত চলিয়েই থাকে তেওঁৰ। জেফৰ আছে বিশ্বৰ অন্যতম দ্রুতবেগী জেটপ্লেনখন। নাম জি-৬৫০ই আৰ।ভাৰতীয় মুদ্রাত যাৰ পৰিমাণ প্রায় ৪৭৬ কোটি টকা।
মিউজিয়ামসদৃশ ঘৰ: ৱাশ্বিংটন ডিচিত থাকিবলৈ এটা ঘৰ কিনিছে জেফে। সেইটোক অৱশ্যে কেৱল ঘৰ বুলিব নোৱাৰি। একালত পোছাক তথা কাপোৰৰ যাদুঘৰ আছিল ঘৰটো। সেইটোৱে কিনি নতুনকৈ সজাইছে জেফে। ভিতৰত আছে ১১টা শয়নকক্ষ, ২৫টা বাথৰুম, পাঁচটা বহা কক্ষ তথা দুখন লিফ্ট। ঘৰটোৰ দাম ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ১৭৩ কোটি টকা।
প্রাসাদ: নিউয়র্কৰ ২১২ ফিফ্থ এভিনিউত ঘৰ বেজোছৰ। তাত ভাৰতীয় মুদ্রাৰ হিচাপত ৮৪০ কোটি টকাৰ সম্পত্তি তেওঁৰ। সেই প্ৰাসাদসম ঘৰটোত পেন্ট হাউছৰ পৰা আৰম্ভ কৰি ফিটনেচ ৰূম, গোল্ফ খেলাৰ ঠাই, গেম খেলাৰ সুকীয়া ঘৰ, চিনেমা চাবলৈ হল ইত্যাদি সকলো আছে। প্রাসাদৰ দৰেই তাৰ সাজ-সজ্জা।
হলীউডত ঘৰ: লছ এঞ্জেলছৰ বেভাৰলী হিলচত আছে হলীউডৰ বৰ বৰ তাৰকাৰ ঘৰ। তেওঁলোকৰ প্রতিৱেশী বেজোছ। প্রায় চাৰে ৯ একৰ এলেকা জুৰি বিস্তৃত সেউজীয়া পৰিৱেশৰ মাজত বেজোছৰ ঘৰ। ভাৰতীয় মুদ্রা হিচাপত ১২৩৭ কোটি টকাৰে কিনিছে সেই সম্পত্তি।
ছুপাৰ য়েট: বিশ্বৰ সবাতোকৈ বৃহৎ প্রমোদতৰী বা ছুপাৰ য়েটৰ মালিক জেফ। নাম ৱাই ৭২১। দৈর্ঘ্য ৪১৭ ফুট। ২০১৮ চনত এইখন নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। এতিয়া সেই কাম শেষ পর্যায়ত। দাম ৫০ কোটি মাৰ্কিন ডলাৰ।
ৰবট কুকুৰ: তেওঁ ৰবট কুকুৰ পুহে। জেফৰ যান্ত্রিক কুকুৰটোৰ নাম স্পট। দাম চাৰে ৭৪ হাজাৰ ডলাৰ। স্পট ১৪ কেজি ওজনলৈ বয়বস্তু কঢ়িয়াব পাৰে। দৰ্জা খুলিব পাৰে। আনকি মালিকৰ বাবে পানীও আনি দিব পাৰে।
হ্রদত ঘৰ: ৱাশ্বিংটনৰ মেদিনা হ্রদৰ পাৰৰ দুই হেক্টৰ ভূমিৰ ওপৰত এটি ঘৰৰ মালিক বেজোছ। সেই ঘৰৰ লগতে হাউছবোটো আছে। দাম ভাৰতীয় মুদ্রাৰ হিচাপত ৮৮৪ কোটি টকা।
‘দৈত্য’ ঘড়ী: দৈত্যাকৃতি ঘড়ী বনাইছে বেজোছে। উচ্চতা প্রায় ৫০০ ফুট। পশ্চিম টেক্সাছৰ পাহাৰী ঘড়ীটো বনাবলৈ প্রায় চাৰে চাৰি কোটি ডলাৰ খৰচ কৰিছে বেজোছে। কামো আৰম্ভ হৈ গৈছে। বেজোছে জনাইছে, এই ঘড়ীটো এনেভাৱে তৈয়াৰ কৰা হৈছে যে ১০ হাজাৰ বছৰ চলিব।