শীতৰ আমেজৰ মাজতে পাৰ হ’ল সৰস্বতী পূজা। এতিয়া বসন্তৰ সময়। প্রেমিক-প্রেমিকাৰ ভালপোৱা প্রকাশৰ দিন আসন্ন। আৰু দুই-চাৰিদিন পাছতে সেই মাহেন্দ্রক্ষণ। সেই দিনটোৰ বাবে বছৰৰ অপেক্ষা। ভেলেন্টাইনছ ডে’ৰ সৈতে আহে উপহাৰৰ প্রসংগ। যদিও প্ৰেমৰ দিন আৰু প্ৰেমাস্পদক উপহাৰ বিনিময়ৰ ৰীতি মূলতঃ পাশ্চাত্য সংস্কৃতিৰ অংগ, বিশ্বায়নৰ হাত ধৰি বিভিন্ন দেশত এই সংস্কৃতিৰ আদান-প্রদান ঘটিছে। উপহাৰ কি তাতকৈ ডাঙৰ কথা হ’ল সেই উপহাৰটিৰ মাজেৰে ভালপোৱা মানুহজনৰ প্রতি প্রেমৰ অনুচ্চাৰ প্রকাশ থকাটো।
গোলাপৰ থোপা
প্ৰেমৰ দিনৰ উপহাৰ হিচাবে ফুলৰ বিকল্প নাই। আৰু সেয়াও যদি হয় ৰংবিৰঙৰ গোলাপ। বিভিন্ন ৰঙৰ গোলাপেৰে তৈয়াৰ কৰা ফুলৰ থোপাৰে এই বিশেষ দিনটো আৰু ৰঙীন কৰি তুলিব পাৰে।
হাতেৰে তৈয়াৰ কৰা গ্রিটিংছ কার্ড
ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামৰ যুগত গ্রিটিংছ কার্ড আৰু নোহোৱাই হৈছে। নতুন প্রজন্মৰ হয়তো বহুতৰে গ্রিটিংছ কার্ডৰ ধাৰণাটো খুব পৰিষ্কাৰ নহয়। তথাপি এই প্রেমৰ দিৱসত সেই পুৰণি ঐতিহ্যকে ওভোতাই আনিব পাৰে। দোকানৰ পৰা কিনি দিয়াৰ সলনি হাতেৰে তৈয়াৰ কৰিব পাৰে। কার্ডত দুই-এশাৰী কবিতাও লিখি দিব পাৰে।
কিতাপ
মনৰ মানুহজনে যদি কিতাপ পঢ়ি ভাল পায়, তেন্তে চকু মুদি তেওঁৰ প্ৰিয় লেখকৰ কিতাপ উপহাৰ হিচাপে তেওঁৰ হাতত তুলি দিব পাৰে।
চকলেট
চকলেট খাই ভাল নোপোৱা মানুহ বোধহয় খুব কম আছে। আৰু সেই চকলেট যদি আহে প্রিয়জনৰ পৰা উপহাৰ হিচাপে, তেন্তে চকলেটৰ সোৱাদ আৰু দুগুণ মিঠা হৈ উঠে।
নিজে ৰন্ধা বস্তু খুৱাওক
সম্পর্ক বহুদিনৰ হ’লেও মনৰ মানুহজনক এদিনো নিজ হাতে ৰান্ধি খুওৱাৰ সুযোগ হোৱা নাই? তেন্তে এই প্রেম দিৱসত নিজৰ হাতেৰে তেওঁৰ পছন্দৰ বস্তু ৰান্ধি খুৱাব পাৰে। কেক বনাবও পাৰে। সেই কেক কাটি দুয়োৰে একান্ত ভালপোৱা উদযাপন কৰক।