নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত জুৱাৰী চক্ৰ উৎখাতঃ জুৱাৰীৰ ৰূপত প্ৰাক্তন সেনা জোৱান

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ সমীপৱৰ্তী বিভিন্ন চাহ বাগিচাত অবৈধভাৱে জুৱাৰ ব্যাপক পয়োভৰ হোৱা দেখা গৈছে ।প্ৰায় প্ৰতিখন চাহ বাগিচাতেই এনে জুৱা অনুষ্ঠিত হোৱাৰ ফলত সামাজিক পৰিৱেশ কলুষিত হৈ পৰিছে । শেহতীয়াকৈ আৰক্ষীয়ে এনে জুৱা আৰু জুৱাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে । কালি নিশা তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মা আৰু মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অনুপম গোৱালাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মৰিয়নি খেৰেমীয়া চাহ বাগিচাত চলি থকা এক জুৱা উচ্ছেদ কৰে । অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী খেৰেমীয়া বি অ পিৰ কাষৰে এখন খেলপথাৰত দীৰ্ঘদিন ধৰি এই জুৱা অনুষ্ঠিত হৈ অহাৰ বাতৰি লাভ কৰিছিল আৰক্ষীয়ে । জানিব পৰা মতে, চেৰেলি গাঁও নিৱাসী দীপকণ গগৈ নামৰ এজন প্ৰাক্তন সেনা জোৱানৰ নেতৃত্বত এই স্থানত দীৰ্ঘদিন ধৰি জুৱা খেল চলি আহিছিল । স্থানীয়ভাৱে ‘ঝাণ্ডি মুণ্ডা’ আৰু ‘ডাইচ’ খেল নামেৰে জনপ্ৰিয় এই জুৱাই ইতিমধ্যে বহু লোকক সৰ্বস্বান্ত কৰিছে ।

উল্লেখ্যযোগ্য যে প্ৰতি শুকুৰবাৰে খেৰেমীয়া চাহ বাগিচাত সাপ্তাহিক দৰমহা হয় । সেয়েহে অন্যবাৰৰ লগতে প্ৰতি শুকুৰবাৰে বাগিচাখনত ব্যাপকভাৱে জুৱাৰ আড্ডা বহে । বাগিচাখনত চলি থকা অবৈধ জুৱাৰ আড্ডা উচ্ছেদৰ বাবে আৰক্ষীক স্থানীয় ৰাইজৰ লগতে সংগঠনসমূহে আহ্বান জনাই আহিছিল । তাৰেই পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে অভিযান চলাই জুৱা খেলাই থকা অৱস্থাত দুই কুখ্যাত জুৱাৰী ক্ৰমে নিউ সোনোৱাল চেৰেলী গাঁৱৰ প্ৰাক্তন সেনা জোৱান দীপকণ গগৈ আৰু খেৰমীয়া চাহ বাগিচাৰ ভূজবল ভূমিজ (দুখু)ক আটক কৰাৰ লগতে জুৱা খেলৰ সামগ্ৰী আৰু নগদ ধন, এখন বাইক, দুটা মবাইল ফোন আদি জব্দ কৰে । আৰক্ষীয়ে ২৭২০ টকা জব্দ কৰাৰ লগতে এ এছ ০৩-আৰ-২৮৯৭ নম্বৰৰ এখন মটৰচাইকেল জব্দ কৰিছে । আৰক্ষীয়ে দুয়োৰে বিৰুদ্ধে ৩৫/২২ নম্বৰত আছাম গেম্বলিং এণ্ড বেটিং এক্ট ১৯৭০ৰ ১৪নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি আজি জেল-হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে ধৃত দীপকণ গগৈ একাধিক সমাজবিৰোধী কাৰ্য্যকলাপৰ সৈতে জড়িত বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে । অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতেও জড়িত থকাৰ অভিযোগ উঠা দীপকণ গগৈয়ে মৰিয়নিৰ সংবাদকৰ্মীৰ বিৰুদ্ধেও এসময়ত কুৎসা ৰচনা কৰিছিল ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like