নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ ১৪ ফেব্ৰুৱাৰীঃ ফৰিং ফুটা জোনাকত “আইতাৰ সাধু শুনা”তো পাঠকসকলৰ মনত পৰেনে? এইবোৰ এতিয়া ইতিহাস হ’বলৈ গৈ আছে। তাহানিৰ শিশুৱে এইবোৰ শুনাৰ বিপৰীতে আজিৰ শিশুৱে মাক-দেউতাকৰ ব্যস্ততাৰ সুযোগ লৈ কেৱল ম’বাইলৰ বাহিৰে যেন পৃথিৱীৰ একো কথাই গম নোপোৱা হৈ পৰিছে। তাতে আকৌ ক’ভিড অতিমাৰীৰ বাবে বিদ্যালয় বন্ধ। গতিকে অভিভাৱক তথা বিদ্যালয় কৰ্তৃপক্ষই মাজে-সময়ে ছাত্ৰ-ছাত্ৰীক সাধু শুনাব লাগে। যিহেতু সাধুৰ যোগেদি ছাত্ৰ-ছাত্ৰীয়ে ভাষা শিকনৰ আটাইবোৰ কৌশল আয়ত্ব কৰিব পাৰে।এনেবোৰ ধনাত্মক চিন্তাৰ ফল হিচাপে নলবাৰী জিলাৰ বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত গলিয়া প্ৰাথমিক বিদ্যালয়ত কালি বিদ্যালয় বন্ধৰ পৰিপ্ৰেক্ষিতত গৃহ ভিত্তিক ‘আইতাৰ সাধু শুনোঁ আহা’ শীৰ্ষক এক কাৰ্যক্ৰম অনুষ্ঠিত হৈ যায়। অঞ্চলটোৰ মুঠ ২০ গৰাকী সত্তোৰ্দ্ধৰ আইতাই ছয়টা স্থানত ছাত্ৰ-ছাত্ৰী সকলক ৮/১০ গৰাকীকৈ ভগাই লৈ একোটাকৈ সহজ-সৰল সাধু পৰিবেশন কৰে।
আইতাক সকলৰ সাধু শুনি ছাত্ৰ-ছাত্ৰী সকল আপ্লুত হৈ পৰি নিজেও একোটাকৈ সাধু ক’বলৈ চেষ্টা কৰে। তাত উপস্থিত থকা শিক্ষক, অভিভাৱক, মাতৃগোট তথা পৰিচালনা সমিতিৰ সদস্যা সকলে সাধু কেইটাৰ ওপৰত প্ৰশ্নোত্তৰ কৰি ছাত্ৰ-ছাত্ৰীবোৰৰ মনযোগ আকৰ্ষণ কৰে। সাধু শুনা আৰু কোৱাৰ অন্তত বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী বিনীতা তালুকদাৰৰ সঞ্চালনাত এখন সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত আইতা সকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি শিক্ষক তথা মাতৃ গোটৰ সদস্যা সকলে আশীৰ্বাদ লয়।
সম্বৰ্ধনা গ্ৰহন কৰি আইতা সকল আনন্দত আত্মহাৰা হৈ পৰে। এই ক্ষেত্ৰত ছাত্ৰ সংসদৰ প্ৰধান সেৱক কাৰ্তিক তালুকদাৰে জানিবলৈ দিয়া অনুসৰি আইতাৰ লগত সাধুকথা শুনা কাৰ্যসূচীটো অতি মনোগ্ৰাহী হৈছে। লগতে এনেকুৱা সাধুৰ অনুষ্ঠান আৰু পাতিব লাগে বুলিও তেওঁ কয়। প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপে সাধুৰ অনুষ্ঠানটো পতাৰ লক্ষ্য তথা উদ্দেশ্যৰ কথা দোহাৰে। এই অনুষ্ঠানটোৰ যোগেদি চৰকাৰৰ ১০০ দিনীয়া পঠন নিশ্চিত কাৰ্যক্ৰমত সাহায়ক হ’ব বুলি কয়। বিদ্যালয়খনৰ এনে অত্যুৎসাহী কাৰ্যত বিদ্বৎ মহলে ভূয়সী প্ৰশংসা কৰিছে।