নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত নিৰ্মীয়মাণ দ্বৈত ৰেল দলঙৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ দাবীত আই নৈৰ দলঙৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বঙাইগাঁৱৰ বিজনীৰ চৌৰাগুৰীস্থিত আই নৈৰ ৰেলৱে দলঙৰ পাৰত সোমবাৰে পশ্চিম বিজনী পথ সুৰক্ষা সংগ্ৰাম সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আই নৈৰ দলঙৰ ওপৰত নিৰ্মীয়মাণ দ্বৈত ৰেলপথৰ দলঙৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয়। যুগ যুগ ধৰি আই নৈৰ দলঙৰ তলেৰে থকা সুৰংগ পথ সম্প্ৰতি আই নৈৰ ওপৰত নিৰ্মীয়মাণ দ্বৈত ৰেলপথৰ দলঙৰ বাবে বন্ধ হৈ পৰাত ২০খনতকৈও অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ পথ ৰুদ্ধ হৈ পৰাৰ আশংকাত শতাধিক ৰাইজৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে আমাক ৰাস্তা লাগিবই বুলি শ্লোগান প্ৰদান কৰি উক্ত স্থানত সুৰংগ পথ নিৰ্মাণৰ দাবীত ইতিমধ্যে বঙাইগাঁও জিলা উপায়ুক্ত আৰু ৰেল বিভাগত অৱগত কৰোৱাৰ পিছতো ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্বপূৰ্ণ নিদিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ। এইক্ষেত্ৰত আজি অনুষ্ঠিত প্ৰতিবাদস্থলীৰ পৰাই ২৪ ঘণ্টাৰ সময় বান্ধি দিয়ে আৰু ২৪ ঘণ্টাৰ ভিতৰত যদি জিলা প্ৰশাসন আৰু ৰেল বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়াৰ লগতে ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব দিয়ে। উল্লেখ্য যে দ্বৈত ৰেলপথৰ দলঙে বৃহত্তৰ চৌৰাগুৰী, মাজৰাবাৰী, নোৱাপাৰা, খুজৰাবগুৰী, সৈন্যাসীগুৰী, চাৰাপেটকে আদি কৰি কুৰিখনতকৈও অধিক গাঁৱৰ কৃষিজীৱী ৰাইজ, ব্যৱসায়ী, কলেজৰ ছাত্র-ছাত্ৰী আদি‌ অসুবিধাৰ সন্মুখীন হ’ব বুলি দাবী উত্থাপন কৰে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like