নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগিয়াল ছোৱালী হাইস্কুলৰ দুই শিক্ষকক বিদায় সম্বৰ্ধনাঃ নতুন শিক্ষানীতিৰ ওপৰত অচিৰেই শিক্ষকক দিয়া হব প্ৰশিক্ষণঃ যজ্ঞেশ্বৰ ৰাজখোৱা

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ দক্ষিণপাট, ঘাহী, বালিগাওঁ, জাগীয়াল অঞ্চলৰ স্ত্ৰী শিক্ষাৰ অনুষ্ঠান জাগিয়াল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এক বিদায় সভা অনুষ্ঠিত হয় । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুনেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী কানু হাজৰিকা আৰু সহঃ শিক্ষক শ্ৰীমন্ত লস্কৰক বিদ্যালয়ৰ শিক্ষক, ছাত্ৰী, আৰু অভিভাৱকৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয় ।

বিদ্যালয়খনৰ সহঃ শিক্ষক নৱ কুমাৰ হীৰাই আঁত ধৰা সভাখনত উদ্বোধনী ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ নৱ নিযুক্ত প্ৰধান শিক্ষক পূৰ্ণকান্ত নাথ । সুদীৰ্ঘ দিন বিদ্যালয়খনত সেৱা আগবঢ়োৱা দুয়োগৰাকী শিক্ষকক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, গামোচা, চেলেং, ফুলৰ থোপা, জাপি ,শৰাই ‌, কীৰ্তন পুথি, ধুতী-পাঞ্জাবী , মেখেলা- চাদৰ আৰু একোটাকৈ ছাতি প্ৰদান কৰা কৰি বিদায় জনোৱা হয় ।

অনুষ্ঠানত ছাত্ৰীসকলেও তেওঁলোকৰ মৰমৰ শিক্ষক দুজনক ভাগে ভাগে শৰাই , গামোচা, ফুলৰ থোপাৰে বিদায় জনাই সভাত অভিভাৱকসকলেও শিক্ষক দুগৰাকীক বিদায় জনায় । অনুষ্ঠানত কুশী বৰুৱা , দিলীপ কুমাৰ হাজৰিকা ,হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱা, উপসভাপতি বকুল চন্দ্ৰ নাথ , সাংগঠনিক সম্পাদক জয়ন্ত বৰা আদিয়ে অংশগ্ৰহণ কৰি দুই শিক্ষকক বিদায় সম্বৰ্ধনা জনায়।

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাই বিদায়ী শিক্ষকসকলৰ লগত কাম কৰা বিভিন্ন মধুৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে অচিৰেই নগাঁও জিলাৰ হাইস্কুল শিক্ষকসকলক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ ওপৰত প্ৰশিক্ষণ দিয়া হব বুলিও জানিব দিয়ে ।

সভাত বিদায়ী প্ৰধান শিক্ষয়িত্ৰী কানু হাজৰিকা আৰু সহঃ শিক্ষক শ্ৰীমন্ত লস্কৰে সুদীৰ্ঘ দিন বিদ্যালয়ৰ কাম কৰা কথা কবলৈ গৈ উচুপি উঠে । নৱনিযুক্ত প্ৰধান শিক্ষক পূৰ্ণকান্ত নাথে বিদ্যালয়ৰ দুই অৱসৰী শিক্ষকক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰীসকলৰ হৈ সাজপাৰ ,শৰাই প্ৰদান কৰি বিদায় সম্বৰ্ধনা জনায় আৰু বিদ্যালয়খন পৰিচালনাৰ বাবে আশীৰ্বাদ বিচাৰে ।
প্ৰেৰক কনক হাজৰিকা

You might also like