কাৰ সৈতে দেশৰ সৰ্ব কণিষ্ঠ মেয়ৰৰ বিয়া
বিশেষ বাৰ্তা, ১৭ফেব্ৰুৱাৰীঃ ভাৰতীয় ৰাজনীতিৰ নেতিবাচক খবৰ সদায়ে শুনিবলৈ পোৱা যায়। কিন্তু এইবাৰ এটা ভাল তথা অগতানুগতিক খবৰে সংবাদ শিৰোণাম দখল কৰিছে। এই কাহিনী কেৰেলাৰ। ৰাজ্যখনৰ ৰাজনৈতিকভাৱে সক্ৰিয় দুগৰাকী যুৱক-যুৱতীয়ে বিয়া পতাৰ সিদ্ধান্তত উপনীত হৈছে। এফালে,হ’বলগীয়া কইনা ভাৰতৰ সকলোতকৈ কণিষ্ঠ মেয়ৰ। নাম আৰ্যা ৰাজেন্দ্ৰণ। আনপিনে, দৰা কে এম শচীন দেৱ কেৰেলাৰ সকলোতকৈ যুৱ বিধায়ক। খবৰ অনুসৰি, আৰ্যা তিৰুৱনন্তপুৰম নগৰ নিগমৰ মেয়ৰ আৰু কে এম শচীন দেৱ বালুচেৰীৰ বিধায়ক। দুয়োগৰাকীয়ে চি পি আই (এম)ৰ সদস্য। এতিয়া দুয়ো চিৰদিনৰ লগৰী হ’বলৈ সাজু হৈছে। অৱশ্যে, বিবাহৰ দিন এতিয়াও ঠিক হোৱা নাই।