নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লীভ-ইনৰ পাছত বলীউডত আৰু এখন বিয়া

বিগত চাৰি বছৰ ধৰি সম্পর্ক তথা লীভ ইনত আছিল অভিনেতা-পৰিচালক ফাৰহান আখতাৰ আৰু গায়িকা শিৱানী ডাণ্ডেকাৰ। এইবাৰ কাগজে-পত্ৰই দম্পতি হ’বলৈ ওলাইছে বলীউডৰ এই চর্চিত যুটি। ২১ ফেব্রুৱাৰীত আইনী বিয়া। তাৰ আগতে হ’ব মহাৰাষ্ট্রীয় বিয়াৰ অনুষ্ঠান। বিয়াৰ প্রস্তুতি এতিয়া তুংগত। তৈয়াৰ হৈছে অতিথি তালিকা। কাইলৈ মহাৰাষ্ট্ৰৰ খাণ্ডালাৰ পিনে ৰাওনা হোৱাৰ কথা আখতাৰ আৰু ডাণ্ডেকাৰৰ পৰিয়ালৰ। তাতেই ফাৰহানৰ ফাৰ্ম হাউচত আনুষ্ঠানিকভাৱে বিয়াত বহিব দুই তাৰকা। ২১ ফেব্রুৱাৰীত জুহুৰ স্বগৃহত আইনী বিয়া। তাৰ আগতে ১৯ ফেব্ৰুৱাৰীত মাৰাঠী ৰীতিৰে বিয়া হ’ব তেওঁলোকৰ। শিৱানীৰ দুই ভনীয়ে প্রাক্-বিবাহৰ প্রস্তুতিৰ দায়িত্ব লৈছে।

You might also like