নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ কেঁটেলা পহুৰ অত্যাচাৰৰ বাবে কাশ্মীৰৰ আপেল আৰু আলমণ্ডৰ বাগিচাবোৰ ধ্বংসৰ মুখলৈ গতি কৰিছে৷ ভয়াৱহ সংকটৰ সন্মুখীন হৈছে আপেল–আলমণ্ডৰ খেতিয়কসকল৷ পূর্বে অন্যান্য ফলৰ গছত আক্রমণ চলাইছিল কেঁটেলা পহুৰ জাকে৷ শীতকাল পৰিলেই জাকে জাকে কেঁটেলা পহুৱে ফলৰ বাগানবোৰত আৰম্ভ কৰে অত্যাচাৰ৷ কেঁটেলা পহুৱে ফলৰ গছবোৰৰ ওপৰত এনেদৰে অত্যাচাৰ চলায় যে এটা বছৰৰ ভিতৰতে গছবোৰৰ মৃত্যু হয়৷ ইয়াৰ ফলত বিপুল ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় খেতিয়কসকল৷
স্মর্তব্য যে ইয়াৰ পূর্বে অন্যান্য ফলৰ গছবোৰ কেঁটেলা পহুৰ জাকে তহিলং কৰিছিল যদিও আপেল আৰু আলমণ্ডৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ চলোৱা নাছিল৷ গতিকে, দুয়োবিধ ফলৰ বাগিচাবোৰ আছিল সুৰক্ষিত৷ কিন্তু এইবাৰ সকলো ফলৰ গছতে অত্যাচাৰ চলিছে কেঁটেলা পহুৰ জাকৰ৷ যাৰ ফলত কৃষকসকলে মূৰে–কপালে হাত দিবলগীয়া হৈছে৷ গছবোৰক ৰক্ষা কৰিবলৈ কাঁটা তাঁৰৰ বেৰ দিয়া হৈছে যদিও কেঁটেলা পহুৰ তাণ্ডৱ ৰোধ কৰাটো সম্ভৱ হোৱা নাই৷ পুলৱামা, শ্বপিয়ান, বাদগাম আদি জিলাত কৃষকসকলে প্রশাসনৰ সহায় ভীক্ষা কৰিছে যদিও এইক্ষেত্রত কোনো ফল ধৰা নাই৷ স্মর্তব্য যে এজোপা আলমণ্ড গছ ডাঙৰ হ’বলৈ ১০–১৫ বছৰ লাগে৷