নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত উপ-ৰাষ্ট্রপতিসহ একাধিক কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্রীৰ

অসমক দেশৰ ভিতৰতে এক আগশাৰীৰ উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে দিল্লী ভ্রমণৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কেইবাগৰাকীও মন্ত্ৰী আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি ৰাজ্যৰ উন্নয়নমূলক বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়কলৈ আলোচনাত মিলিত হয়।

ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক সুদূৰপ্ৰসাৰী লক্ষ্য সমুখত ৰাখি মুখ্যমন্ত্রীয়ে কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লাল খট্টৰক সাক্ষাত কৰাৰ পাছত কেন্দ্ৰীয় ক্ৰীড়া আৰু শ্ৰম মন্ত্রী মনসুখ মাণ্ডব্য, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জগত প্ৰকাশ নড্ডা, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী, কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেল, কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথমন্ত্ৰী নীতিন গাডকৰী আৰু দেশৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে।

ৰাজ্যখনৰ শক্তি খণ্ডক শক্তিশালী কৰি স্বাৱলম্বিতা অৰ্জন কৰা আৰু নগৰীকৰণৰ প্ৰক্ৰিয়াক ক্ষিপ্ৰ কৰি তোলাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰৰ দিল্লীস্থ চৰকাৰী বাসগৃহত এক দীঘলীয়া বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতি সুনিশ্চিত কৰি অসমৰ শক্তি খণ্ডৰ উন্নয়নৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰাত সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত কৃতজ্ঞতা ব্যক্ত কৰে।

ৰাজ্য চৰকাৰে জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি মন্ত্ৰী খট্টৰেও অসম চৰকাৰৰ নগৰীকৰণৰ পদক্ষেপসমূহক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে, যাৰ ফলত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত নগৰীয়া আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ বাট প্ৰশস্ত হব।

একেদৰে, অসমক ভাৰতৰ এক অন্যতম প্ৰধান ক্ৰীড়া হাব হিচাপে গঢ়ি তোলা আৰু শ্ৰমজীৱীসকলৰ কল্যাণৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় ক্ৰীড়া, যুৱ পৰিক্ৰমা আৰু শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ সৈতে এঘণ্টাতকৈও অধিক সময় ধৰি আলোচনা কৰে।

ভাৰতীয় জনতা পাৰ্টিৰ ‘সেৱাই পৰম ধৰ্ম’ আদৰ্শক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু অসমত ক্ৰীড়া আন্তঃগাঁথনিৰ বিস্তাৰ তথা যুৱ প্ৰতিভা বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰে।

মুখ্যমন্ত্ৰীয়ে জনায় যে অসম চৰকাৰে শেহতীয়াভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰি আহিছে আৰু এই বৈঠকখনে ৰাজ্যখনক ক্ৰীড়াক্ষেত্ৰৰ এক মুখ্য কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত বিশেষ ভূমিকা ল’ব।

আনহাতে স্বাস্থ্য খণ্ডৰ ব্যাপক ৰূপান্তৰ আৰু অসমক চিকিৎসা পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাকো সাক্ষাৎ কৰে।

নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, প্ৰ’টন বিম থেৰাপীৰ দৰে উন্নত চিকিৎসাৰ সুবিধা উপলব্ধ কৰা আৰু চিকিৎসা কৰ্মীৰ আসন বৃদ্ধিৰ দৰে অভিলাষী আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মাৰ্গদৰ্শন কামনা কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষপদত থকাৰ কালছোৱাত অসমত দলীয় সংগঠন মজবুত কৰা আৰু নিৰ্বাচনী সফলতাত জে পি নড্ডাই আগবঢ়োৱা অৱদানৰ বাবেও মুখ্যমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ সৈতেও মুখ্যমন্ত্ৰীয়ে এক ফলপ্ৰসূ বৈঠকত মিলিত হৈ গোলকীয় পৰিক্ৰমা আৰু বৰ্তমানৰ শক্তিখণ্ডৰ পৰিস্থিতিক লৈ মত বিনিময় কৰে। বৈঠকত অসমৰ হাইড্ৰ’কাৰ্বনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰা, ৰাজ্যজুৰি তেল-গেছৰ অন্বেষণ আৰু থলুৱা তৈলক্ষেত্ৰসমূহৰ উৎপাদন বৃদ্ধি কৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে যাতে ভাৰতৰ উন্নয়নৰ যাত্ৰাত অসমে এক বৃহত ভূমিকা পালন কৰিব পাৰে।

ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাৰতে শেহতীয়াভাৱে স্বাক্ষৰ কৰা মুক্ত বাণিজ্য চুক্তিসমূহৰ বাবে তেওঁৰ মন্ত্ৰালয়ক প্ৰশংসা কৰে। ঐতিহাসিক চুক্তিসমূহৰ জৰিয়তে অসমৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকল কেনেকৈ লাভান্বিত হ’ব পাৰে সেই সন্দৰ্ভত আলোচনা কৰাৰ লগতে অসমৰ পৰম্পৰাগত চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন সমস্যাকলৈও দুয়ো নেতাই বিতংভাৱে আলোচনা কৰে।

লক্ষ্যনীয়ভাৱে কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাতৰ মাজতেই মুখ্যমন্ত্ৰীয়ে দেশৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণকো সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজহুৱা জীৱনত নম্ৰতা, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰতীক স্বৰূপ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাটো সদায় এক শিক্ষণীয় অভিজ্ঞতা বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্য়মত উল্লেখ কৰি ৰাধাকৃষ্ণকৰ ওচৰত অসমৰ বিকাশৰ খতিয়ান দাঙি ধৰে।

‘বিকশিত অসম’ গঢ়ি তোলাৰ যাত্ৰাত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ধাৰাবাহিক মাৰ্গদৰ্শন আৰু আশীৰ্বাদ অসমে সদায় লাভ কৰিব বুলি মুখ্যমন্ত্ৰীজনে আশা ব্যক্ত কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাত কৰে।

বিশেষ বাৰ্তা, নতুন দিল্লী, ২ জুন

You might also like