প্রমোদ বড়োক অপমানসূচক মন্তব্যঃ আদালতত সোঁ শৰীৰে উপস্থিত হৈ জামিন ল’লে হাগ্রামাই
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ বিটিচিপ্রধান প্রমোদ বড়োৱে দাখিল কৰা এক মানহানি গোচৰ সন্দর্ভত শনিবাৰে আদালতত হাজিৰ হৈ জামিন ল’বলগীয়া হ’ল বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে৷ কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত কালি প্রায় ৪৫ মিনিট সময় থাকি জামিন ল’বলৈ সক্ষম হ’ল মহিলাৰীয়ে৷
উল্লেখ্য যে ২০২০ চনৰ ১৩ ফেব্রুৱাৰীত বাক্সা জিলাৰ তামুলপুৰত অনুষ্ঠিত এবছুৰ বিশেষ অধিৱেশনত বিটিচিৰ বর্তমানৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে ছাত্র সংগঠনটোৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈছিল৷ সেইদিনা এবছুৰ পতাকা উত্তোলন কৰিবলৈ গৈ আৱেগিক হৈ পৰিছিল প্রমোদ বড়ো৷ আনকি দীর্ঘদিন ধৰি জড়িত হৈ থকাৰ পাছত এবছু ত্যাগ কৰা প্রমোদ বড়োৱে উচুপি উঠিছিল৷ কিন্তু এই বিষয়টোক লৈয়েই হাগ্রামা মহিলাৰীয়ে ৰাজহুৱাভাৱে প্রমোদ বড়ো সম্পর্কত বাৰম্বাৰ অপমানসূচক মন্তব্য কৰে৷
বিশেষকৈ উক্ত বর্ষৰ ৫ মার্চ আৰু ৩ আগষ্টত প্রমোদ বড়োক সমালোচনা কৰিবলৈ গৈ হাগ্রামা মহিলাৰীয়ে কৈছিল যে প্রমোদ বড়োৱে চকুলো টোকাৰ মূল কাৰণ হৈছে পাৰিবাৰিক সংঘাতৰ বাবে পত্নীয়ে তেওঁক এৰি থৈ যোৱা৷ এনে ধৰণৰ অপমানসূচক মন্তব্যৰ বাবে প্রমোদ বড়োৱে হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) আৰু ৫০০ নং ধাৰাৰ অধীনত ৩৪/২০২০ নম্বৰৰ গোচৰ তৰে৷ এই গোচৰটোত হাগ্রামা মহিলাৰীৰ উপৰি আন ১০জনকো সাঙোৰা হৈছিল৷ গোচৰটোৰ পৰিপ্রেক্ষিততে আজি হাগ্রামা মহিলাৰীয়ে সোঁ–শৰীৰে আদালতত উপস্থিত হৈ জামিন ল’বলগীয়া হয়৷