নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ শিক্ষানুষ্ঠানত হিজাব পৰিধানক লৈ বিতর্ক চলি থকাৰ মাজতে কর্ণাটকত বজৰং দলৰ এগৰাকী কর্মীক চোকা অস্ত্রেৰে হানি–খুঁচি হত্যা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ শিৱমোগা জিলাত৷ প্রশাসনে অশান্তিৰ আশংকাত অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে৷
আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি কালি নিশা ৯.৩০ বজাত বজৰং দলৰ যুৱকর্মী হর্ষক দুর্বৃত্তই হত্যা কৰে৷ কেইবাটাও দুষৃকতিকাৰীয়ে হিন্দুত্ববাদী সংগঠনৰ কর্মীজনক ঘেৰি ধৰি ছুৰীৰে আঘাত কৰে বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে৷ তাৎক্ষণিকভাৱে আহত হর্ষক হাস্পতাললৈ প্রেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ এই ঘটনাৰ পিছতে শিৱমোগাৰ ছিগেহাট্টী অঞ্চলত তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ বিক্ষুব্ধ লোকে কেইবাখনো গাড়ীত অগ্নি সংযোগ কৰে বুলিও আৰক্ষীয়ে সদৰী কৰিছে৷