‘কুড আই হেভ চাম চেক্স’ – ৰেষ্টুৰেণ্টৰ ৱেইটাৰক প্ৰশ্ন এইগৰাকী অভিনেত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ হাতত ছবি থাকক বা নাথাকক, সকলো সময়তে বাতৰি শিৰোনামত থাকি ভাল পায় সুন্দৰী অভিনেত্ৰী ৰিয়া সেন। যাক লৈ প্ৰতিসময়তে তুমুল চৰ্চা চলি থাকে বলীউডত। কিছুদিন পূৰ্বৰ কথা। মুম্বাইৰ আন্ধেৰীৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল অভিনেত্ৰী ৰিয়া। তাত উপস্থিত হৈয়ে অভিনেত্ৰীগৰাকীৰ ৰেষ্টুৰেণ্টৰ ৱেইটাৰক প্ৰশ্ন-‘কুড আই হেভ চাম চেক্স প্লিজ’ ?
প্ৰকৃততে কি হৈছিল ৰেষ্টুৰেণ্টত! দৰাচলতে এই ৰেষ্টুৰেণ্টখনে এটা ককটেল তৈয়াৰ কৰে যাৰ নাম চেক্স। অন দ্যা বিচ। লগতে কণী প্ৰস্তুত কৰা হয়, যাক এগ্ছ অন দ্যা বীচ বুলি কোৱা হয়। ৰিয়াই দুয়োটা নামক একলগ কৰি চেক্স বুলি কৈছিল কৈছিল। যদিও ৱেইটাৰজন আচৰিত হৈছিল, তাৰপাছত ৰিয়াই নিজেই সেই কথাত হাঁহিত ফাটি পৰিছিল।
উল্লেখ্য যে ৰিয়াৰ অন্তিমখন ছবি হৈছে ‘ডাৰ্ক চকলেট’।