নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত ৰাছিয়াক নালাগে, পুটিনক লৈ ক্ষোভ বাঢ়িছে ক্রীড়াজগতত

বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক লৈ প্রতিবাদৰ ঢৌ তীব্র হৈছে ক্রীড়াজগততো। ছুইডেন আৰু পোলেণ্ডৰ দৰে চেক ফুটবল সংস্থায়ো জনাই দিছে যে তেওঁলোকে বিশ্বকাপ যোগ্যতা অর্জন পর্বত ৰাছিয়াৰ বিৰুদ্ধে প্লে-অৱ মেচ নেখেলে। এখোজ আগুৱাই ফৰাচী ফুটবল সংস্থাই আকৌ কাটাৰ বিশ্বকাপৰ পৰা ৰাছিয়াক আঁতৰোৱাৰ দাবী জনাইছে। সংস্থাৰ অধ্যক্ষ নোয়েল লুগৰেটে কৈছে এনে পৰিস্থিতিত ক্রীড়া বিশ্ব, বিশেষকৈ ফুটবল ক্ৰীড়াই কোনো কাৰণত নিৰপেক্ষ অৱস্থান ল’ব নোৱাৰে। কাটাৰ বিশ্বকাপৰ পৰা ৰাছিয়াক বাহিৰ কৰিলে আমি কেতিয়াও বিৰোধিতা নকৰোঁ। ইপিনে, ইউক্রেইন আক্রমণৰ প্রতিবাদ হিচাপে দেওবাৰে আন্তঃর্জাতিক জুডো সংস্থাই অধ্যক্ষ পদৰ পৰা বহিষ্কাৰ কৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক। বিবৃতিত কোৱা হৈছে এনে পৰিস্থিতিত পুটিন এই পদৰ যোগ্য নহয়।

You might also like