বিশ্বকাপৰ পথাৰত ৮গৰাকী মাতৃ
বিশেষ বাৰ্তা, ৮ মাৰ্চঃ নাৰী দিৱসৰ এই সময়ছোৱাত নিউজিলেণ্ডত চলি থকা আই চি চিৰ মহিলা বিশ্বকাপৰ পৰা এটি আশাৰ খবৰ জনাব বিচাৰিছোঁ। সাধাৰণতে বিবাহ আৰু মাতৃত্ব মানেই মহিলা ক্ৰিকেটাৰৰ কেৰিয়াৰৰ অৱসান। বহু ভাল খেলুৱৈয়ে ইয়াৰ পূৰ্বে মাতৃ হ’বলৈ গৈ কেৰিয়াৰ বাদ দিব লগীয়া হোৱাৰ উদাহৰণ আছে। কিন্তু নিউজিলেণ্ডৰ বিশ্বকাপে আনিছে অন্য এক খবৰ। এইবাৰ বিশ্বকাপৰ পথাৰত নামিছে ৮গৰাকীকৈ মাতৃয়ে। তেওঁলোক হ’ল নিউজিলেণ্ডৰ ছেটাৰ্থৱেইট আৰু টাহুহু, অষ্ট্ৰেলিয়াৰ মেগান স্কাট আৰু ৰাছেল হান্স, দক্ষিণ আফ্ৰিকাৰ মাছাবাটা ক্লাছ আৰু লিজেল লী, পাকিস্তানৰ বিছমাহ মাৰুফ আৰু ৱেষ্ট ইণ্ডিজৰ এফী ফ্লেছাৰ। প্ৰতিগৰাকী খেলুৱৈয়ে নিজৰ অন্তঃসত্বা হোৱাৰ খবৰৰ কথা সুঁৱৰি তিতা-মিঠা অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। তেওঁলোক অন্তঃসত্বা হোৱাৰ সময়ত নিজা নিজা বোৰ্ডে নতুন নীতি নিৰ্ধাৰণ কৰিবলৈ বাধ্য হয় আৰু সন্তান জন্মৰ পাছত ষ্টেডিয়ামলৈ ওভোতাৰ সুযোগ প্ৰদান কৰে।