ৰাজপথত চটফটাই মৃত্যুক সাৱতিছে অলেখ শিশুৱে, চিঠি লিখিছে জেলেনস্কাই
বিশেষ বাৰ্তা, ৯মাৰ্চঃ ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে এইবাৰ সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমলৈ মুকলি চিঠি লিখিলে ইউক্ৰেইনৰ প্ৰথম মহিলা অ’লেনা জেলেনস্কাই। শিশু, মহিলাসহ সাধাৰণ নাগৰিকক ক্ৰেমলিনৰ উচতনিত যিদৰে হত্যা কৰা হৈছে তেওঁ তাৰে গৰিহণা দিয়াৰ লগতে এই আগ্ৰাসন অভাৱণীয় বুলি ব্যক্ত কৰিছে। কিদৰে সীমান্ত অতিক্ৰম কৰি ৰুছ সেনাই ইউক্ৰেইনৰ ভূমিত প্ৰৱেশ কৰাৰ সমান্তৰালকৈ আকাশমাৰ্গৰে আক্ৰমণ চলাই দেশখনত বিভীষিকাৰ সৃষ্টি কৰিছে সেয়া বিৱৰি লিখিছে জেলেনস্কাই। যদি এই আক্ৰমণক ৰাছিয়াই ইয়াৰ পাছতো সামৰিক অভিযান বুলি কয় তেন্তে জেলেনস্কাই ইয়াক ‘গণহত্যা’ বুলি অভিহিত কৰিছে। এই গণহত্যাত অলেখ শিশুৱে কিদৰে চটফটাই মৃত্যুক সাৱতিছে সেই কথা অতি দুখ লগাকৈ ৰাষ্ট্ৰপতি পত্নীগৰাকীয়ে লিখিছে। ৰাছিয়াই সাধাৰণ নাগৰিকৰ হত্যা কৰা যুদ্ধ নহয় বুলি ক’লে জেলেনস্কাই প্ৰথমে সেই অবোধ শিশুবোৰৰ নামৰ তালিকাখন পঢ়ি শুনাব বিচাৰে বুলি কয়।