নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক মহিলাৰ বিয়া নামেৰে মুখৰ যোৰহাট

নবজ্যোতি তামুলী, চিনামৰা ১৬ মাৰ্চঃ যোৰহাট সদৰ লাচিত নগৰ মহিলা সমিতিৰ উদ্যোগত ১৩ মাৰ্চত অনুষ্ঠিত জিলাভিত্তিত নগদ ধন বিয়ানাম প্ৰতিযোগিতাত ঢেকিয়াখোৱা সম্প্ৰীতি মহিলা দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি স্বৰ্গীয়া দেৱবালা বৰুৱা সোঁৱৰণ পুৰস্কাৰ লাভ কৰে। আনহাতে, টিয়কৰ অৰুণিমা শৰ্মা পাঠকৰ দলে স্বৰ্গীয় হৰিন্দী চিৰিং ফুকনৰ সোঁৱৰণী দ্বিতীয় পুৰস্কাৰ, যোৰহাটৰ সঞ্জীৱনী দলে স্বৰ্গীয় ভানু দেৱীৰ সোঁৱৰণী তৃতীয় পুৰস্কাৰ আৰু ডিচিবি ৰ’ডৰ উৰুলী দলে উদ্গনীমূলক বঁটা লাভ কৰে। প্ৰতিযোগিতাত ক্ৰমে পৰিণিতা বৰুৱা নেওঁগ আৰু জ্যোতি শৰ্মা বৰুৱাই শ্ৰেষ্ঠ নামতিৰ বঁটা প্ৰদান কৰে।আৰম্ভনীতে এগচি বন্তি প্ৰজ্বলেনেৰে কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে ৰেণু মহন্তই। ইয়াৰ পাছতে সমাজ সেৱিকা  মল্লিকা ৰহমান, যোৰহাট জিলা মহিলা সমিতিৰ সভানেত্ৰী অষ্টমী দত্তকে মুখ্য কৰি নিমন্ত্ৰিত বিশিষ্ট অতিথি বৃন্দ আৰু বিচাৰক মণ্ডলীক সম্বৰ্ধনা জনোৱা হয়। সমিতিৰ স্থায়ী সভানেত্ৰী শেৱালী ৰাজগুৰুৰ আদৰণি ভাষণ দিয়া আৰু সমিতিৰ স্হায়ী সম্পাদিকা অঞ্জু চিৰিং ফুকনে আঁত ধৰা প্ৰতিযোগিতাখন সমিতিৰ সদস্যা সকলে পৰিবেশণ কৰা এটি বিয়া নামেৰে শুভ উদ্ধোধন কৰা হয়। প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আগবঢ়ায় ক্ৰমে জ্যোতিমালা বৰুৱা বৰা, মুকুল কৃষ্ণ চিৰিং ফুকন, শেৱালি ৰাজগুৰু আৰু ৰেণু মহন্তই। প্ৰতিযোগিতাত অংশগ্ৰহন কৰা মুঠ ৭২ গৰাকী প্ৰতিযোগীক মান পত্ৰেৰে সন্মান জনোৱা হয়। ভাস্কৰ নেওঁগে পৰিচালনা কৰা প্ৰতিযোগিতাখনিৰ অন্ততঃ কাৰ্যকৰি সমিতিৰ সম্পাদিকা ৰুবী বৰা বৰদলৈয়ে শলাগৰ শৰাই আগবঢ়াই আৰু জাতীয় সংগীতেৰে প্ৰতিযোগিতাখনিৰ সফল সামৰণি পৰে।

You might also like