প্ৰথমে দিল্লী, দ্বিতীয়তে পাঞ্জাব, এইবাৰ ক’ত চকু আপৰ
বিশেষ বাৰ্তা, ১৬ মাৰ্চঃ প্ৰথমে দিল্লী, তাৰে পাছত পাঞ্জাব আৰু পাঞ্জাবৰ পাছত? পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত পাঞ্জাবৰ দৰে ৰাজ্যত কংগ্ৰেছ-বিজেপিৰ চিন নোহোৱা কৰি অভূতপূৰ্ব বিজয় সাৱ্য়স্ত কৰা আম আদমী পাৰ্টীৰ পৰৱৰ্তী লক্ষ্য কোনখন ৰাজ্য? স্বাভাৱিকতে ৰাজনৈতিক ক্ষেত্ৰত উঠা এটা ডাঙৰ প্ৰশ্ন। আপৰ পৰৱৰ্তী লক্ষ্য ৰাজস্থান। যোৱা দুই দশকৰো অধিক সময় ধৰি বিজেপি আৰু কংগ্ৰেছে এৰা এৰিকৈ চলাই থকা ৰাজ্যখনত এইবাৰ গুৰুত্ব দিছে আপে। পাঞ্জাবৰ নিৰ্বাচনী ফলাফলৰ পাছত অহা ২০২৩ ত হ’বলগীয়া ৰাজ্যখনৰ নিৰ্বাচনক লৈ বৰকৈ আশাবাদী ৰাজস্থানৰ আপ নেতৃত্ব। তেওঁলোকৰ মতে, দিল্লী আৰু পাঞ্জাবৰ দৰে একেই সমস্যা ৰাজস্থানৰ। গতিকে সেই সমূহ তুলি ধৰিব পাৰিলে জনতাই বিকল্প হিচাপে আদৰি ল’ব আপক।