ফিটনেছ টেষ্টত উত্তীর্ণ হার্দিক পাণ্ডিয়া
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ আই পি এলত গুজৰাট টাইটানছক নেতৃত্ব দিয়াৰ পূর্বে বি চি চি আইৰ ফিটনেছ টেষ্টত সফলতাৰে উত্তীর্ণ হৈছে হার্দিক পাণ্ডিয়া৷ আঘাতৰ বাবে দীর্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত থকা তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে বেংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত ব’ডৰ বাধ্যতামূলক য়’–য়’ টেষ্টত অৱতীর্ণ হৈছিল৷ ব’ৰ্ডৰ এক সূত্রই জানিবলৈ দিয়া অনুসৰি পাণ্ডিয়াই এই টেষ্টত উন্নত স্ক’ৰেৰে সফলতা অর্জন কৰিবলৈ সক্ষম হয়৷
মন কৰিবলগীয়া যে আঘাতৰ বাবে ৰাষ্ট্রীয় দলৰ বাহিৰত থকা প্রতিগৰাকী খেলুৱৈয়ে আই পি এলৰ পূর্বে এন চি এত ফিটনেছ টেষ্টত অৱতীর্ণ হোৱাটো ব’র্ডে বাধ্যতামূলক কৰিছে৷ ব’ৰ্ডৰ সূত্রটোৱে পুনৰ জানিবলৈ দিয়া অনুসৰি হার্দিকে এন চি এত প্রায় ১৩৫ কিলোমিটাৰ বেগেৰে বল কৰিবলৈও সক্ষম হৈছে৷