পৃথিৱী বক্ষত প্রথমটো গ্রহাণুৰ আঘাতৰ চিহ্ণ আৱিষ্কাৰ
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ পৃথিৱী বক্ষত গ্রহাণুৰ আঘাতত সৃষ্টি হোৱা প্রথমটো গাঁত চিনাক্ত কৰিছে বিজ্ঞানীসকলে৷ পশ্চিম অষ্ট্রেলিয়াৰ য়াৰাবুব্বাত চিনাক্ত হৈছে গ্রহাণুৰ আঘাত৷
উল্লেখনীয় যে ইয়াৰ জৰিয়তে বিজ্ঞানীসকলে বৰফৰ যুগৰ পৰা পৃথিৱীৰ কেনেকৈ উত্তৰণ ঘটিছিল, সেই সন্দর্ভত অধ্যয়নৰ সমল লাভ কৰিব বুলি আশা প্রকাশ কৰিছে৷ প্রায় ২২০ কোটি বছৰ পূর্বে গ্রহাণুৱে আহি আঘাত কৰিছিল পৃথিৱী বক্ষত৷
গৱেষকসকলৰ মতে, এই গ্রহাণুৰ আঘাতত সৃষ্টি হোৱা গাঁতটোৰ বয়স পৃথিৱীৰ বয়সৰ আধা৷ উল্লেখনীয় যে এই আঘাতৰ ফলত সৃষ্টি হোৱা গাঁতৰ খনিৰ ওপৰত পৰীক্ষা চলাই সময়ৰ হিচাপ উলিয়াইছে বিজ্ঞানীসকলে৷
উল্লেখনীয় যে কার্টিন বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে এই নতুন আৱিষ্কাৰৰ জৰিয়তে সেই সময়ৰ উষ্ণতাৰ ওপৰতো অধ্যয়ন চলাবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে৷ ইতিমধ্যে নেচাৰ কমিউনিকেচনছ নামৰ জার্নালখনত ইয়াৰ সবিশেষ তথ্য প্রকাশ পাইছে৷