নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ আলোচনাবিৰোধী এন ডি এফ বিৰ বি চাওৰাইগৌৰা নেতৃত্বাধীন গোটে অলপতে কেন্দ্রীয় চৰকাৰৰ লগত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰি মূলসুঁতিলৈ উভতি অহাৰ পাছতে আজি পাঁচটাকৈ উগ্রপন্থী সংগঠনৰ ৬৪৪গৰাকী নেতা–সদস্যই আত্মসমর্পণ কৰিব ৷ এই উপলক্ষে মহানগৰীৰ ভঙাগড়স্থিত জি এম চি প্রেক্ষাগৃহত দিনৰ ১০.৩০ বজাত এক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত অস্ত্র–শস্ত্র জমা দি আনুষ্ঠানিকভাৱে আত্মসমর্পণ কৰিব ৷ বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই ৷
শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, নেচনেল লিবাৰেচন ফ্রণ্ট অৱ বেংগলী (এন এল এফ বি), আদিবাসী ড্রেগন ফ’চ, আলফা (আই)কে ধৰি চাওতাল আৰু ৰাভা উগ্রপন্থী সংগঠনৰ নেতা–সদস্যই আত্মসমর্পণ কৰিব ৷ ইয়াৰ ভিতৰত এন এল এফ বিৰ সর্বাধিক ৩০০ আৰু আদিবাসী ড্রেগন ফ’চৰ ১৮০গৰাকী নেতা–সদস্যই কাইলৈ আত্মসমর্পণ কৰিব ৷ অনুষ্ঠানত মুখ্যমন্ত্রীৰ স্বনিয়োজন আঁচনিৰ অধীনত মূলসুঁতিলৈ উভতি অহা সদস্যসকলক মুখ্যমন্ত্রীয়ে সাহায্য প্রদান কৰিব ৷ আৰক্ষী সঞ্চালকপ্রধান মহন্তই লগতে কয় যে বিগত কিছুদিনৰ পৰা এই উগ্রপন্থী সংগঠনকেইটাৰ নেতা–সদস্যই আত্মসমর্পণ কৰাৰ ইচ্ছা প্রকাশ কৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ লগত যোগযোগ কৰিছিল ৷
সংগঠনকেইটাই ইতিমধ্যে বিশেষ শাখাৰ ওচৰত অস্ত্র–শস্ত্রও জমা দিছে ৷ এই সংগঠনকেইটাৰ নেতা–সদস্যসকলে আজি আনুষ্ঠানিকভাৱে অস্ত্র–শস্ত্র জমা দি আত্মসমর্পণ কৰিব ৷ এই আত্মসমর্পণ কার্যসূচীত আলফা (আই)ৰ কেইবাজনো সদস্যই আনুষ্ঠানিকভাৱে মূলসুঁতিলৈ ঘূৰি আহিব ৷ ইফালে আজি আলফা (আই)ৰ কোনো সদস্যই আত্মসমর্পণ নকৰে বুলি সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ব্যক্তিগত টিভি চেনেল ‘নিউজ লাইভ’ক টেলিফোনযোগে জনায় ৷