দুদিনীয়াকৈ ওৰাং ৰাষ্ট্রীয় উদ্যানত গঁড়ৰ পিয়ল আৰম্ভ
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ পর্যটকসকলৰ বাবে এটা ভাল খবৰ৷ পূর্বতকৈ ওৰাং ৰাষ্ট্রীয় উদ্যানত গঁডৰ সংখ্যা বৃদ্ধি পাইছে৷ প্রায় চাৰি বছৰৰো অধিক সময় ধৰি ওৰাং ৰাষ্ট্রীয় উদ্যান তথা বাঘ্র প্রকল্পত চোৰাং চিকাৰীয়ে গঁড়ৰ কোনো ক্ষতি কৰিব পৰা নাই৷ এই আশাৰ বার্তা প্রকাশ কৰিছে বন বিভাগে৷ ওৰাং ৰাষ্ট্রীয় উদ্যানত আজিৰে পৰা আৰম্ভ হৈছে দুদিনীয়াকৈ গঁড় গণনা প্রক্রিয়া৷ উদ্যানৰ সম্পূর্ণ ১৬টা ব্লকত হাতীৰ সহযোগত গঁড গণনা কার্য আৰম্ভ কৰিছে বন বিভাগৰ লগতে গণনাকাৰী দলে৷ উদ্যানখনত ২০১৮ চনত গণনাকাৰী দলে গণনা কৰি ১০১টা গঁড় পাইছিল৷ এইবর্ষত গঁড়ৰ সংখ্যা আগৰ তুলনাত এটা দিনতেই বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে বন বিভাগে৷ কালিৰ দিনটোত গণনা কৰাৰ পাছত আৰু অধিক গঁড় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে পূর্বৰ গণনাত ৯টা গঁড়ৰ বিভিন্ন কাৰণত মৃত্যু হৈছে বুলি উদ্যানখনৰ ডিএফঅ’ প্রদীপ্ত বৰুৱাই জনাইছে৷ ২০১৭ চনৰ পৰা এই বর্ষলৈ এটাও গঁড় চিকাৰ হোৱা নাই বুলিও জনাইছে বন বিষয়াগৰাকীয়ে৷ আজি উদ্যানখনৰ গঁডৰ মুঠ সংখ্যা প্রকাশ কৰা নাই যদিও সোমবাৰে গণনা কার্য সম্পূর্ণ হোৱাৰ পাছত প্রকাশ পাব৷