নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীয়ে ৰান্ধি নিদিয়ে পঠাৰ মাংস, আৰক্ষীক ফোন, তাৰ পাছত…

বিশেষ বাৰ্তা, ২১ মাৰ্চঃ পঠাৰ মাংস খোৱাৰ খুব চখ। কিন্তু পত্নীয়ে ৰান্ধি নিদিয়ে, সেয়ে খং উঠিছে। তেওঁৰ প্রতি অন্যায় হৈছে, বিচাৰ কৰিব লাগে আৰক্ষীয়ে। যোৱা শুকুৰবাৰে নিশা ঘটনাটো ঘটে তেলেংগানাৰ চেৰলা গয়াৰাম গাৱঁত। সিদিনা ৰাতি সুৰামত্ত অৱস্থাত ঘৰলৈ আহি পত্নীক ছাগলীৰ মাংস ৰন্ধাৰ নির্দেশ দিছিল নবীন নামৰ মানুহজনে। সুৰামত্ত অৱস্থাত ঘৰলৈ অহা বাবে ৰান্ধিবলৈ অস্বীকাৰ কৰে পত্নীয়ে। তাৰ পাছতেই নবীনে ফোন কৰে আৰক্ষীক। ১০০ নম্বৰত শতাধিকবাৰ ফোন কৰি পত্নীৰ নামত অভিযোগ দিয়ে। প্রথমে বিষয়টোক ধেমালি হিচাপে ল’লেও বাৰে বাৰে ফোন অহা বাবে ঊর্ধ্বতন কর্তৃপক্ষক কথাটো জনোৱা হয়। নিশাই নবীনৰ ঘৰত আৰক্ষীৰ লোক উপস্থিত হৈ তেওঁক সুৰামত্ত অৱস্থাত দেখি উভতি আহে। কিন্তু শনিবাৰে পুৱা পুনৰ আৰক্ষীয়ে গৈ নবীনক গ্রেপ্তাৰ কৰে।

You might also like