ৰাজ্যসভা নির্বাচনঃ মিত্রজোঁটৰ প্রার্থী পৱিত্র মার্ঘেৰিটা–ৰণগৌৰা নার্জাৰীৰ মনোনয়ন পত্ৰ দাখিল
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ অহা ৩১ মার্চত অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শাসকীয় বিজেপি নেতৃত্বাধীন মিত্রজোঁটে দুয়োখন আসনতে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈ প্রার্থীও ঘোষণা কৰিছে৷ এখন আসনত বিজেপিৰ পৱিত্র মার্ঘেৰিটাক প্রার্থিত্ব দিয়াৰ বিপৰীতে আনখন আসনত মিত্রদল ইউ পি পি এলৰ ৰণগৌৰা নার্জাৰীক প্রার্থিত্ব দিয়া হৈছে৷ ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্রেছে দ্বিতীয়খন আসনৰ বাবে ৰিপুণ বৰাক দলীয় টিকট দিছে৷ কংগ্রেছ, এ আই ইউ ডি এফ, চি পি আই (এম) আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্রার্থী হিচাপে তেওঁ এই নির্বাচনত অৱতীর্ণ হ’ব৷
নির্বাচনী সূচী অনুসৰি অহা ২১ মার্চ অৰ্থাৎ আজি মনোনয়ন দাখিলৰ অন্তিম দিন৷ সেই অনুসৰি আটাইকেইগৰাকী প্রার্থীয়ে আজি মনোনয়ন–পত্র দাখিল কৰিছে৷ ইয়াৰ লগে লগে এইবাৰৰ ৰাজ্যসভা নির্বাচনত প্রতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈ পৰিছে৷ ইতিমধ্যে শাসক আৰু বিৰোধী উভয় শিবিৰতে এতিয়া আৰম্ভ হৈছে জয়ৰ অংক৷
আজি মিত্রজোঁটৰ প্রার্থী পৱিত্র মার্ঘেৰিটা–ৰণগৌৰা নার্জাৰীৰ মনোনয়ন পত্ৰ দাখিলৰ পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োকে ধৰি মন্ত্ৰী, বিধায়ক আৰু সাংসদসকল।
মন কৰিবলগীয়া এয়ে যে বর্তমান অসম বিধানসভাত বিজেপি মিত্রজোঁটৰ শক্তি হৈছে ৮২ আৰু কংগ্রেছ–এ আই ইউ ডি এফ–চি পি আই (এম)–ৰাইজৰ দল মিলি বিৰোধীৰ শক্তি হৈছে ৪৪৷ দুখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভা নির্বাচনৰ ক্ষেত্রত একোখন আসনত জয়ৰ বাবে প্রার্থীগৰাকীয়ে কমেও ৪২ বিধায়কৰ ভোট লাভ কৰিব লাগিব৷ দুয়োখন আসনত জয়লাভৰ ক্ষেত্রত বিজেপি মিত্রজোঁটৰ এই মুহূর্তত দুটা ভোট কম আছে৷ কংগ্রেছৰ দুই নিলম্বিত বিধায়কক বাদ দি কার্যতঃ বিৰোধীৰ হাতত ৪২টা ভোটহে আছে৷ সেই ৪২টা ভোটৰ এটা ভোটৰ হৰণ–ভগন হ’লেই বিৰোধীয়ে ৰাজ্যসভা নির্বাচনত প্রয়োজনীয় মেজিক নম্বৰৰ পৰাই আঁতৰি যাব আৰু ইয়াৰ ফলত দুয়োখন আসন বিজেপি মিত্রজোঁটৰ দখললৈ অহাটো এশ শতাংশ নিশ্চিত হ’ব৷