নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ধৰা পৰিল হার্টলেণ্ড ভাইৰাছৰ উপস্থিতি

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ক’ৰোনা মহামাৰী সমগ্র বিশ্বত নতুনকৈ তাণ্ডৱ সৃষ্টি কৰিবলৈ লোৱা সময়তে এইবাৰ অন্য এটা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ চলিত সপ্তাহটোত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা ৮ শতাংশ বৃদ্ধি পাইছে৷ এইবাৰ আমেৰিকাৰ জর্জিয়াত দেখিবলৈ পোৱা গৈছে হার্টলেণ্ড নামৰ নতুন এবিধ ভাইৰাছ৷ অৱশ্যে ২০০৯ চনতে প্রথম এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছিল মিছৌৰি প্রদেশত৷ গৱেষকসকলে উল্লেখ কৰা অনুসৰি এবিধ পোকৰ শৰীৰত আশ্রয় লয় এই ভাইৰাছবিধে৷ ইয়াৰ পিছত মানুহৰ দেহলৈ বিয়পি পৰিব পাৰে ভাইৰাছবিধ৷ এক দশক পূর্বে এজন লোকৰ মৃত্যু হৈছিল ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ পিছত৷ অৱশ্যে নতুনকৈ মানুহৰ দেহলৈ ভাইৰাছবিধ বিয়পি পৰাৰ তথ্য এতিয়াও গৱেষকসকলে লাভ কৰা নাই৷ তথাপি ক’ৰোনা মহামাৰীৰ আতংক চলি থকা সময়তে এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে নতুন শংকা৷

You might also like