আমেৰিকাত উবেৰ চালকৰ জীৱিকা গ্রহণ প্রাক্তন আফগান মন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ আফগানিস্তানৰ প্রাক্তন বিত্তমন্ত্রী খালিদ পায়েণ্ডাই এতিয়া আমেৰিকাত উবেৰ চালক হিচাপে জীৱিকা নির্বাহ কৰিবলগীয়া হৈছে৷ স্মর্তব্য যে আফগানিস্তানত প্রথমখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰা পায়েণ্ডা আছিল তালিবানে দেশখন দখল কৰাৰ পূর্বলৈকে বিত্তমন্ত্রী৷ তালিবানৰ হাতলৈ কাবুল যোৱাৰ মাত্র কেইদিনমান পূর্বে বিত্তমন্ত্রীৰ পদ এৰিছিল পায়েণ্ডাই৷ তাৰ পিছতে ৱাশ্বিংটনত গৈ আশ্রয় লয় প্রাক্তন আফগান মন্ত্রীগৰাকীয়ে৷ আফগানিস্তানৰ পৰা ৱাশ্বিংটনত আশ্রয় লৈ এতিয়া জীৱিকাৰ পথ হিচাপে উবেৰ চালকৰ কাম কৰিছে পায়েণ্ডাই৷