ৰোমৰ হাস্পতালত আহত শিশুৰ খবৰ লৈ গৰিহণা দিলে পোপ ফ্রান্সিছে
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ইউক্রেইনত চলি থকা ভয়াৱহ যুদ্ধই কাঢ়ি লৈছে অসংখ্য শিশুৰ শৈশৱ৷ ইতিমধ্যে যুদ্ধৰ ২৬সংখ্যক দিনত ইউক্রেইনৰ কেইবাখনো চহৰ ধ্বংসস্তূপত পৰিণত হৈছে৷ ৰুছ সেনাৰ হিংস্র আক্রমণত ইউক্রেইনৰ সাধাৰণ জনতাই বিভিন্ন দেশলৈ পলায়ন কৰিছে৷ প্রতিৱেশী দেশসমূহৰ আশ্রয় শিবিৰত নাৰকীয় পৰিৱেশৰ মাজত কটাবলগীয়া হৈছে ইউক্রেইনী শৰণার্থীসকলে৷
ৰাষ্ট্রসংঘৰ প্রতিবেদন অনুসৰি এই যুদ্ধৰ ফলত দেশখনৰ ৫৫ হাজাৰতকৈ অধিক শিশুৱে প্রতিৱেশী ৰাষ্ট্রত গৈ শৰণার্থীৰ জীৱন কটাবলগীয়া হৈছে৷ ৰুছ সেনাৰ গুলী, বোমা, ক্ষেপণাস্ত্রৰ আঘাতত আঘাতপ্রাপ্ত বহু শিশু এতিয়া বিদেশৰ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ৰোমৰ এখন হাস্পতালত কালি হঠাতে যুদ্ধাক্রান্ত শিশুসকলৰ খবৰ ল’বলৈ উপস্থিত হয় কেথলিক খ্রীষ্টানৰ মুৰব্বী পোপ ফ্রান্সিছ৷ আহত শিশুসকলক স্পর্শ কৰি খ্রীষ্টধর্মৰ মুৰব্বীগৰাকীয়ে তেওঁলোকক আশীর্বাদ দিয়াৰ উপৰি আশুআৰোগ্য কামনা কৰে৷
ইফালে, যুদ্ধবাজ ৰাছিয়াৰ এই হিংস্র আক্রমণক গৰিহণাও দিয়ে পোপ ফ্রান্সিছে৷ ইউক্রেইনত ৰাছিয়াই দায়িত্বজ্ঞানহীন হত্যাকাণ্ড চলাই থকা বুলি আক্ষেপ প্রকাশ কৰে পোপে৷ পোপ ফ্রান্সিছৰ এই গৰিহণাৰ পিছতেই বিশ্বৰ সংবাদ মাধ্যম সৰৱ হৈ পৰিছে যুদ্ধৰ বিৰুদ্ধে৷ ৰোম তথা ভেটিকানত আহত শিশুৰ আশুআৰোগ্য কামনা কৰাৰ পিছত ছেইণ্ট পিটার্ছ স্কোৱাৰত সমৱেত প্রার্থনাসভাত অংশগ্রহণ কৰে কেথলিক খ্রীষ্টানৰ মুৰব্বীগৰাকীয়ে৷ এই প্রার্থনা সভাতো পোপৰ মুখত শুনিবলৈ পোৱা গ’ল কেৱল ৰুছ সেনাৰ বিৰুদ্ধে নিন্দাপাত৷