নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাগজৰ নাটনি, পৰীক্ষা দিব নোৱাৰে এইখন দেশৰ শিক্ষাৰ্থীয়ে

বিশেষ বাৰ্তা, ২২ মাৰ্চঃ আৰ্থিক সংকটৰ সম্মুখীন হোৱা শ্ৰীলংকাত সকলো বিদ্যালয়ৰ পৰীক্ষা বাতিল কৰা হৈছে। দেশখনত প্ৰিণ্টিং পেপাৰ কমি যোৱা বাবে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে চৰকাৰ। প্ৰিণ্টিং পেপাৰ কিনিবলৈ চৰকাৰৰ হাতত পৰ্যাপ্ত ধনো নাই, সেয়ে পৰৱৰ্তী নিৰ্দেশনা নহালৈ পৰীক্ষা বাতিল কৰি থৈছে। উল্লেখণীয় যে, ১৯৪৮ চনৰ পাছত প্ৰথমবাৰৰ বাবে শ্ৰীলংকাই ইমান গম্ভীৰ আৰ্থিক সংকটৰ সম্মুখীন হৈছে। নৱম, দশম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ পাছত পৰীক্ষা অবিহনে শিক্ষাৰ্থীক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰা হ’ব নেকি তাকে লৈ চিন্তা-চৰ্চা চলি আছে। দেশখনত মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ লৈছে।

You might also like