নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“বিদ্যালয়ৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাইজক জড়িত কৰক”

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যাসমূহক প্ৰশিক্ষণ দিয়াৰ বাবে সমল ব্যক্তিসমূহৰ প্ৰশিক্ষণ ২২ মাৰ্চ ৰাতিপুৱা ৯.৩০ বজাৰ পৰা ২৩, ২৪, ২৫ মাৰ্চ ২০২২ ইং তাৰিখলৈ তৰুণ ৰাম ফুকন হলত সমগ্ৰ শিক্ষা ,বৰপেটাৰ দ্বাৰা দি থকা হৈছে।বৰপেটা জিলাৰ জিলা আচঁনি বিষয়া (সমাজ জড়িতকৰণ) নিৰঞ্জন ওজাই প্ৰশিক্ষণটো উদ্ধোধন কৰে। বৰপেটা জিলাৰ সাতটা শিক্ষা খণ্ডৰ প্ৰথম পৰ্যায়ত চাৰিটা শিক্ষা খণ্ড ক্ৰমে ৰূপসী, গোৱৰ্দ্ধনা, বজালী, ভৱানীপূৰৰ সমল ব্যক্তিসকলৰ প্ৰশিক্ষণ আজি সমাপ্ত হয় । সমল ব্যক্তিসকলক প্ৰশিক্ষণ দিয়াৰ বাবে জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান, বৰপেটাৰ পাৰ্থ প্ৰতীম মহন্ত , গোৱৰ্দ্ধনা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি হিমাংশু চৌধুৰী, বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি জয়ন্ত ডেকা আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হৰ্ষজিৎ দাস আৰু মতিউৰ ৰহমানে বিভিন্ন বিষয় সমূহ যেনে বিদ্যালয় পৰিচালনা সমিতিৰ দায়িত্ব আৰু কৰ্তব্য, কাৰ্যৱলী আৰু ক্ষমতা, সমিতিৰ মাহেকীয়া সভা, NEP 2020 , Dikshaapp, FLN , পুথিভড়ালৰ পুথি ব্যৱহাৰত বিদ্যালয় আৰু অভিভাৱকৰ ভূমিকা , বিদ্যাঞ্জলি, ছাত্ৰ ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ প্ৰতিপালন, শিক্ষাদানত বৈদ্যুতিক মাধ্যম তথা প্ৰযুক্তিৰ ব্যৱহাৰ , সামাজিক হিচাপ, বিদ্যালয় পুজি সমৃদ্ধি আচনি, নিপুন অসম, ছাত্ৰ ছাত্ৰীৰ বিকাশৰ খতিয়ান পত্ৰ, প্ৰাক প্ৰাথমিক শিক্ষা আৰু শৈশৱ পৰিচৰ্যা , ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট, ছাত্ৰ ছাত্ৰীৰ আধাৰ পঞ্জীয়ন, প্ৰধান মন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আচনি, পঞ্চায়তৰ যোগেদি বিদ্যালয়ৰ উন্নয়ন, জৈৱ বৈচিত্ৰ আৰু আমাৰ কৰ্তব্য, ৰাষ্ট্ৰীয় পাৰদৰ্শিতা জৰীপ ২০২১, বিশেষ প্ৰশিক্ষণৰ দ্বাৰা বিদ্যালয় বহিৰ্ভুত শিশুৰ মূলসূতিকৰণ, বিদ্যালয়ৰ মান নিৰূপণ সূচাংক, এখন নিচামুক্ত বিদ্যালয় গঢ়ি তোলাত বিদ্যালয় পৰিচালনা সমিতিৰ ভূমিকা আদিকে ধৰি ৩০ টা বিষয় আলোচনা কৰা হয়। আজিৰ প্ৰশিক্ষণত সমলব্যক্তিসকলৰ অভিৰোচনৰ কৰাৰ বাবে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই এক গভীৰ তথা অভিৰোচিত বক্তব্য আগবঢ়ায় । তেওঁৰ মতে বিদ্যালয় এখনৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি আৰু ৰাইজৰ ভূমিকা অপৰিসীম । সেয়ে বিদ্যালয়ৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাইজক জড়িত কৰিবলৈ তেওঁ সমল ব্যক্তিসকলক আহ্বান জনায় । তাৰোপৰি তেওঁ প্ৰত্যেকখন বিদ্যালয়ত পৰিচালনা সমিতিৰ জৰিয়তে পুথিভৰালবোৰ সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

প্ৰেৰক আফতাব হুছেইন

You might also like