নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি মহাবিদ্যালয়ত ‘বিশ্ব কবিতা দিৱস’ উদযাপন

বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ যুটীয়া উদ্যোগত আৰু সাহিত্য মঞ্চৰ সহযোগত আজি ‘বিশ্ব কবিতা দিৱস’ উদযাপন কৰা হয় । এই উপলক্ষ্যে মহাবিদ্যালয়ৰ সোণালী জয়ন্তী ভৱনত সাহিত্য মঞ্চৰ সভানেত্ৰী, জ্যেষ্ঠা অধ্যাপিকা ড° বাণী বৰাৰ সঞ্চালনাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় । সাহিত্য মঞ্চৰ সদস্যা, শিক্ষা বিভাগৰ জ্যেষ্ঠা অধ্যাপিকা মিনতি বৰঠাকুৰে হীৰেন ভট্টাচাৰ্য্যৰ ‘নীল নক্ষত্ৰ’ কবিতা পাঠেৰে উপস্থিত সকলোকে আপ্লুত কৰে । অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠা অধ্যাপিকা ড° মানৱী গগৈয়ে মই, মোৰ সত্তা আৰু বুকুৰ কাঁ‌ইটডাল, অৰ্চনা শইকীয়াই ন- ব’হাগৰ আগমন, ববিতা ফুকনে ফাগুন আৰু ভেলেন্টাইন, অৰূপাঞ্জলি বৰাই লাইফ, মনালিছা বৰঠাকুৰে দেৱাল, শিল, আলহী , পল্লৱী কলিতাই চেনাই, আকাশৰ বিশালতা শীৰ্ষক স্বৰচিত কবিতা পাঠ কৰে । একেটা অনুষ্ঠানতে অধ্যাপিকা হৈনিকেপ হাউলাই কিং ডেভিদৰ ‘Book of Psalms-139’, উদেষ্ণা টায়ে কমলা দাসৰ ‘Introduction’, ৰূপালী মালাকাৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘হঠাৎ দেখা’, ডেভিদ হাফলংবাৰে জন ড’নীৰ ‘song’ কবিতা আবৃত্তি কৰে । উদেষ্ণা টায়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত সঞ্চালিকা ড° বাণী বৰাই ‘বিশ্ব কবিতা দিৱস’ৰ তাৎপৰ্য ব্যাখ্যা কৰি মানসিক উৎকৰ্ষ সাধনৰ বাবে কবিতাৰ দৰে সৃষ্টিশীল সাহিত্যৰ চৰ্চা অব্যাহত ৰখাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like