আনুষ্ঠানিকভাৱে অভিষেকক উত্তৰাধিকাৰী ঘোষণা বিগ-বিৰ
বিশেষ বাৰ্তা, ২৪ মাৰ্চঃ অভিষেক বচ্চনকে আনুষ্ঠানিকভাৱে উত্তৰাধিকাৰী বুলি ঘোষণা কৰিলে বিগ-বি অমিতাভ বচ্চনে। কালি অমিতাভ বচ্চনে টুইটাৰত এই কথা লিখিলে। অমিতাভৰ টুইটত আৱেগিক হৈ পুত্ৰ অভিষেকে মন্তব্যত লিখিছে- Love you, Pa. Always and eternally. উল্লেখণীয় যে, অভিষেকৰ আহিবলগীয়া ছবি ‘দাসবী’ৰ ট্ৰেইলৰ মুকলি হোৱাৰ পাছতে তেওঁৰ অভিনয়ত মুগ্ধ হৈ পিতৃ তথা বলীউডৰ অদমনীয় অভিনেতা অমিতাভ বচ্চনে মুকলিকৈ পুত্ৰৰ প্ৰশংসা কৰিলে। অমিতাভে তেওঁৰ পিতৃ তথা যশস্বী কবি প্ৰয়াত হৰিবংশ ৰায় বচ্চনৰ উক্তি এফাঁকি দাঙি ধৰিছে- मेरे बेटे, बेटे होने से मेरे उत्तराधिकारी नहीं होंगे ; जो मेरे उत्तराधिकारी होंगे वो मेरे बेटे होंगे! তাৰ পাছত অমিতাভে নিজাকৈ যোগ দিছে- Abhishek तुम मेरे उत्तराधिकारी हो – बस कह दिया तो कह दिया !