নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কভী সৌতন, কভী চহেলী… একেজনে গিৰিয়েক লাগে দুই বান্ধবীক

বিশেষ বাৰ্তা, ২৪ মাৰ্চঃ সচাৰচৰ আমি দেখা পাওঁ কোনো ছোৱালীয়ে নিজৰ প্ৰেমিকক আনৰ সৈতে ভগাব নিবিচাৰে। কিন্তু এইখিনিতে এক ওলোটা খবৰ পোহৰলৈ আহিছে। মালয়েছিয়াৰ দুজনী বান্ধবীয়ে একেজন পুৰুষৰ সৈতেই বিবাহ কৰিব বিচাৰে। দুয়ো ইয়াকে লৈ ফেচবুকত কৰা এটি পোষ্টে সকলোকে আচৰিত কৰিছে। ফেঞ্চছী মালয়েছিয়া নামৰ পেজত দুই বান্ধবীয়ে নিজৰ সবিশেষ দাঙি ধৰি দুয়ো দুয়োৰে সতিনী হ’ব বিচাৰে বুলি কৈছে। তেওঁলোক প্ৰিয় বান্ধবী আৰু হ’ব বিচাৰে সতিনী। লাগে দুয়োজনীকে বিয়া পতা একেজন উমৈহতীয়া পাত্ৰ। এজনীৰ বয়স ৩১ আৰু আনজনীৰ বয়স ২৭। এজনী এটি সন্তানৰ মাতৃ আৰু আনজনীৰ আছে কাপোৰ ধোৱাৰ ব্যৱসায়।

You might also like