নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিখৌমুখ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ শিৱসাগৰ জিলাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ অনুস্থান দিখৌমুখ মহাবিদ্যালয়ত যোৱা ২৩ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে “কনফ্লিক্ট ইন বৰডা এৰিয়াজ, এথনিচিটি এণ্ড চ’চিঅ’ ইক’নমিক ডেভেলপমেন্ট অব আচাম”( Conflict in Border areas, Ethnicity and Socio-Economic Development of Assam) শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়। “আই চি এছ এছ আৰ”ৰ পৃষ্ঠপোষকতাত আৰু দিখৌমুখ মহাবিদ্যালয়ৰ ”আই কিউ এ চি”ৰ সহযোগত অনুষ্ঠিত এই আলোচনাচক্ৰ উন্মোচন কৰে সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° জ্যোতিপ্ৰসাদ শইকীয়াই। দিখৌমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত কুমাৰ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা আৰু সমন্বয়ক ড° ৰমেন কলিতাই আত ধৰা আালোচনা চক্ৰৰ উন্মোচনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল চন্দ্ৰ বৰকটকীয়ে৷ আলোচনা চক্ৰখনিত মূল বক্তব্য প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই সীমা সমস্যা তথা সীমা বিবাদ সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।

উল্লেখ্য উক্ত অনুস্থানতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অনলাইন মাধ্যমৰ জৰিয়তে এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে। আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয় খনৰ সমীপৱৰ্তী কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষই অংশ গ্ৰহণ কৰাৰ লগতে কেইবা গৰাকী গণ্য-মান্য ব্যক্তিও উপস্থিত থাকে। আলোচনা চক্ৰৰ আজি দ্বিতীয় দিনাৰ অনুস্থানত বিভিন্ন মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে গবেষণা পত্ৰ পাঠ কৰে। ড° চন্দন কুমাৰ শৰ্মা, ড° কৃষ্ণজ্যোতি সন্দিকৈ ,ড° প্ৰতিম শৰ্মা আৰু ড° জয়ন্ত মাধৱ দত্তই সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰা এই দুদিনীয়া আলোচনা চক্ৰৰ সামৰণী অনুস্থানতসমূহ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয়। আলোচনা চক্ৰ খন সাফল্যমণ্ডিত কৰি তোলাত উপস্থিত শিক্ষানুৰাগী সকলৰ আন্তৰিক সহায়-সহযোগক মহাবিদ্যালয় কৰ্তৃপক্ষই শলাগৰ শৰাই আগবঢ়াইছে৷

প্ৰেৰকঃ প্ৰণৱ খাটনিয়াৰ, দিখৌমুখ

You might also like