আই পি এলৰ প্রথম ৫খন মেচত নেখেলে ফিনছ, কামিনছে
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পঞ্চদশ সংস্কৰণটোত কলকাতা নাইট ৰাইডার্ছৰ প্রথম পাঁচখন মেচত অংশগ্রহণ কৰিব নোৱাৰিব অষ্ট্রেলিয়াৰ দুই তাৰকা খেলুৱৈ আৰন ফিনছ আৰু পেট কামিনছে৷ কলকাতা নাইট ৰাইডার্ছৰ মেণ্টৰ ডেভিদ হাছীয়ে এই কথা সদৰী কৰিছে৷ অ’পেনাৰ ফিনছ আৰু তাৰকা পেচ বলাৰ কামিনছ সম্প্রতি পাকিস্তান ভ্রমণৰত৷ ঘৰুৱা দল পাকিস্তান আৰু অষ্ট্রেলিয়াৰ মাজত ২৯ মার্চৰ পৰা পাঁচ এপ্রিললৈকে তিনিখন এদিনীয়া আৰু এখন টি–২০ মেচ অনুষ্ঠিত হ’ব আৰু এই সীমিত অ’ভাৰৰ শৃংখলা সমাপ্তিৰ পিছতে দুয়োগৰাকী অষ্ট্রেলিয়ান ক্রিকেটাৰে আই পি এলত অংশ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিব৷ উল্লেখ্য যে কলকাতাই আৰন ফিনছক এলেক্স হেলছৰ স্থানত অন্তর্ভুক্ত কৰাৰ বিপৰীতে কামিনছক ৭.২৫ কোটিত ক্রয় কৰে৷