নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুশ কোটিতকৈ অধিক ধন লৈ যুদ্ধভূমিৰ পৰা পলায়ন কৰা কোন এই সুন্দৰী

বিশেষ বাৰ্তা, ২৫ মাৰ্চঃ শৰণার্থী সীমান্ত অতিক্রম কৰি ইউৰোপীয় ইউনিয়নত প্রবেশ কৰাৰ সময়তে ২৯ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্রা হিচাপত প্রায় ২১৩ কোটি টকা)সহ ধৰা পৰিল ইউক্রেইনৰ বিতর্কিত ৰাজনীতিবিদ ইগৰ কোটভিটস্কিৰ সুন্দৰী পত্নী আনাছটাছিয়া কোটভিটস্কাৰ।

ডলাৰ আৰু ইউৰোসহ এই বিপুল ধনৰাশি ইউক্রেইনৰ পৰা সৰবৰাহ কৰা হৈছে বুলিও তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছে। আনাছটাছিয়া ইউক্রেইনৰ বিশিষ্ট বিত্তশালী তথা বিতর্কিত প্রাক্তন সাংসদ ইগৰ কোটভিটস্কিৰ পত্নী। টকা সৰবৰাহ কৰাৰ সময়ত তেওঁৰ ওপৰত নজৰ পৰে হাংগাৰীৰ আৱকাৰী দপ্তৰৰ। ইগৰে জনোৱা মতে, তেওঁৰ পত্নী অন্তঃসত্ত্বা তথা সন্তান জন্ম দিবলৈ দেশ এৰিব বিচাৰিছিল। এই বিপুল পৰিমাণ ধন লৈ যোৱাৰ কথা অস্বীকাৰ কৰিছে ৰাজনীতিবিদজনে।

নিজৰ ছ’চিয়েল মিডিয়া একাউন্ট বন্ধ কৰাৰ আগেয়ে ইগৰে কয় যে তেওঁৰ সমস্ত টকা ইউক্রেইনৰ বেংকতে আছে। কোনো টকাই তেওঁ উলিওৱা নাই। আনাছটাছিয়াই এই অভিযোগ সন্দৰ্ভত বিশেষ কোনো মন্তব্য কৰা নাই। ইউক্রেইনত ইতিমধ্যেই চৰ্চা চলিছে যে, কিয়েভ-মস্কোৰ সংঘাতৰ সুযোগতে ইউক্রেইনৰ বিত্তশালী লোকসকলে নিজৰ ধন লৈ বিদেশলৈ পলায়ন কৰিব বিচাৰি আছে।

You might also like